গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত ১ লাখ গণ স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ...

গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত ১ লাখ গণ স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ...
গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত ১ লাখ গণ স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ...

ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা, মানকাচৰ আৰু জলেশ্বৰ সমষ্টিত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া স্থায়ী প্ৰতিৰোধৰ দাবীত যোৱা ২৬ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা ৰাইজৰ দলৰ ১ লাখ গণ স্বাক্ষৰ অভিযানৰ আজি অন্ত পৰে। মানকাচৰ সমষ্টিৰ খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰৰ পৰা এই গণ স্বাক্ষৰ অভিযান আৰম্ভ হৈছিল।

২৩০ ফুটকৈ দুখন বগা বেনাৰত পৃথক ভাবে ১ লাখকৈ গণ স্বাক্ষৰ উঠোৱাৰ পাচত বেনাৰতে লিখা দুখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ বাবে ৰাইজৰ দল সাজু হৈছে। ৰাইজৰ দলৰ ৰাজ্যিক মুখপাত্ৰ তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আনিচুৰ ৰহমানৰ নেতৃত্বত আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলা কৃষি মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত এই গণ স্বাক্ষৰ অভিযান আৰম্ভ হৈছিল যদিও বিভিন্ন দল সংগঠনে পাচলৈ এই অভিযানত সহযোগ কৰে।

আজি জলেশ্বৰ সমষ্টিত এই গণ স্বাক্ষৰ অভিযানৰ সমাপ্ত কৰা হয়। কাইলৈ পুৱাৰ ভাগত ১ লাখ স্বাক্ষৰযুক্ত স্মাৰক পত্ৰখন হাটশিঙিমাৰী জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰাৰ বাবে ৰাইজৰ দলে যাবতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

আনহাতে অহা ৪ জানুৱাৰীত আন এখন ১ লাখ স্বাক্ষৰ থকা স্মাৰক পত্ৰ ধুবুৰী জিলা উপায়ুক্তৰ জৰিয়তে পৃথক ভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ প্ৰদান কৰা হ'ব বুলি ৰাইজৰ দলৰ মুখপাত্ৰ আনিচুৰ ৰহমান জানিবলৈ দিয়ে। মন কৰিবলগীয়া যে, ৰাইজৰ দলে স্মাৰক পত্ৰত উল্লেখ কৰা দাবী কেইটা ক্ৰমে- অতি শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে স্থায়ী বান্ধ নিৰ্মাণ কৰি গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান, গৰাখহনীয়াৰ কবলত পৰি গৃহহীন হোৱা প্ৰতিটো পৰিয়ালক অতি কমেও ১ বিঘাকৈ মাটিৰ পট্টা দিয়া, গৰাখহনীয়াৰ ফলত ভূমিহীন আৰু গৃহহীন হোৱা প্ৰতিটো পৰিয়াল জৰীপ কৰি গৰাখহনীয়াৰ প্ৰমান পত্ৰ প্ৰদান, গৰাখহনীয়াৰ ফলত ক্ষতিগ্ৰস্থ হোৱা লোকসকলৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ আৰু মানকাচৰৰ সুখচৰৰ পৰা দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জলৈ ৪ (চাৰি) লেন যুক্ত পথ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ।

স্মৰ্তব্য যে সমষ্টি তিনিখনৰ দীৰ্ঘদিনীয়া এই দাবী কেইটাক লৈ বিভিন্ন দল সংগঠনে বহুবাৰ আন্দোলন কৰাৰ লগতে বাৰে বাৰে স্মাৰক পত্ৰ প্ৰদান কৰিও আজিলৈ ৰাইজে কোনো সুফল পোৱা নাই। যাৰ বাবে ৰাইজৰ দলে চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ বাবে এইদৰে ব্যতিক্ৰম কাৰ্য্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত ৰাইজৰ দলৰ এই দাবীৰ প্ৰতি মুখ্যমন্ত্ৰী হিমান্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কিমান গুৰুত্ব প্ৰদান কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।

ক্লিক কৰি পঢ়কঃ দুই লক্ষ্যাধিক টকাৰ ড্ৰাগছসহ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in