নিবনুৱা যুৱকক ৰেলৱে কেন্টিন লিজত দিয়াৰ নামত টকা সংগ্ৰহ, প্ৰৱঞ্চকক আটক

প্ৰৱঞ্চনাৰে লাখ লাখ টকা সংগ্ৰহ কৰি চাৰি বছৰে পলাতক হৈ থকা কুখ্যাত প্ৰৱঞ্চক তথা লামডিং ৰেলৱেৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক আটক কৰে লামডিঙ আৰক্ষীয়ে ৷
নিবনুৱা যুৱকক ৰেলৱে কেন্টিন লিজত দিয়াৰ নামত টকা সংগ্ৰহ, প্ৰৱঞ্চকক আটক

ডিজিটেল সংবাদ,লামডিং: প্ৰৱঞ্চনাৰে লাখ লাখ টকা সংগ্ৰহ কৰি চাৰি বছৰে পলাতক হৈ থকা কুখ্যাত প্ৰৱঞ্চক তথা লামডিং ৰেলৱেৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক আটক কৰে লামডিঙ আৰক্ষীয়ে

যোৱা এমাহৰ পূৰ্বে লামডিং মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্যালয়ৰ লাখ লাখ টকা আত্মসাৎ কৰি ৰঙা ঘৰৰ আলহী হৈছিল তিনিজনকৈ ৰেলৱে কৰ্মচাৰী ৷ সেই ঘটনা তদন্ত চলি থকাৰ সময়তে পুনৰ তেনে এক ঘটনা পোহৰলৈ আহে ৷

ৰেলৱে পানী যোগান বিভাগৰ কৰ্মৰত থকা অৱস্থাত দীপক কুমাৰ ওজা নামৰ এজন ৰেল কৰ্মচাৰীয়ে ৰেলৱে ষ্টেচনত কেন্টিন লিজত দিয়া প্ৰলোভনেৰে হোজাই, ডবকা, নীলবাগান, মোৰাঝাৰ, লংকা, লামডিং আদি অঞ্চলসমুহৰ অসংখ্য লোকৰ পৰা দীপক কুমাৰ ওজাই সংগ্ৰহ কৰিছিল কেইবা লক্ষ্যধিক টকা ৷ ইয়াৰোপৰি অভিযোগ অনুসৰি দীপক ওজাই একাংশ লোকক ৰেলৱে চাকৰি দিয়াৰ নামতো সংগ্ৰহ কৰিছিল ধন ৷ কেইমাহ মানৰ পিছতেই দীপক ওজাই চাকৰি পৰা অৱসৰ লয় ৷

অৱসৰ হোৱাৰ পিছতেই ভুক্তভোগীসকলক প্ৰৱঞ্চনা কৰি দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল প্ৰৱঞ্চক ওজা ৷ আজি লামডিঙ থানাত ডবকাৰ এজন সাংবাদিকে তথ্য সহকাৰে ১৮৬/২২ নং গোচৰ ৰুজু কৰাত লামডিং আৰক্ষীয়ে আজি প্ৰৱঞ্চকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

হোজাই জিলাৰ আৰক্ষী অধীক্ষক গৰাকীৰ নেতৃত্বত লামডিঙৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দনজ্যোতি বৰা আৰু উপ পৰিদৰ্শক অংকুৰ কাকতিৰ তৎপৰাত মাত্ৰ দুঘন্টাৰ ভিতৰতে কৰায়ত্ত কৰিবলৈ সক্ষম প্ৰৱঞ্চক দীপক ওজাক ৷ দীপক ওজাৰ স্কীকাৰোক্তি মতে তেওঁৰ লগত ৰেলৱে কৰ্মচাৰী বৰ্তমান অৱসৰ প্ৰাপ্ত সমীৰ চক্ৰৱৰ্তী নামৰ এজন ব্যক্তিও জড়িত আছিল চাকৰি তথা কেন্টিন লিজতৰ নামত ধন সংগ্ৰহ কৰাৰ ঘটনাত ৷ আৰক্ষী তদন্তৰ পিছতহে পোহৰলৈ আহিব আৰু কোন কোন এই ঘটনাৰ লগত জড়িত আছিল ।

আৰু পঢ়ক: অসমৰ আকাশ এতিয়া বন্দুকৰ গুলিৰ ধোৱাই আৱৰি ধৰিছে: ভূপেন বৰা

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in