/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/72b462d4-2ea6-42be-84f4-986191be57e2/aasu_06.jpg)
ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত স্মাৰক পত্ৰ প্ৰদান...
ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত দীৰ্ঘ দিন ধৰি খালী হৈ থকা চিকিৎসক আৰু স্বাস্থ্য বিষয়াৰ পদত শীঘ্ৰে নিযুক্তি দিয়া, ৰোগীয়ে পাব লগা চৰকাৰী ঔষধ আৰু চিকিৎসা সামগ্ৰীৰ দীৰ্ঘ দিনীয়া অভাৱ দূৰ কৰা, একাংশ চিকিৎসকে দায়িত্ব পালনত প্রদর্শন কৰি অহা গাফিলতি বন্ধ কৰা, ঢকুৱাখনাৰ সূচল যাতায়তত প্ৰধান প্ৰতিবন্ধক হিচাবে থিয় দিয়া ৰাস্তা ঘাটৰ জৰাজীৰ্ণ অৱস্থা দূৰ কৰাকে ধৰি বিভিন্ন সমস্যাৰ তাৎক্ষণিক সমাধানৰ দাবীৰে ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ এটি দলে শুকুৰবাৰে ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতিক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।
ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মৃগাংক দত্ত, সাধাৰণ সম্পাদক ভাস্কৰ জ্যোতি দত্ত, বিত্ত সম্পাদক নৱ গগৈ, সাংগঠনিক সম্পাদক ৰোহিত হাজৰিকাৰ নেতৃত্বত যোৱা ছাত্ৰ সন্থাৰ এক সজাতি দলে মহকুমাধিপতি অৰিন্দম বৰুৱাক লগ কৰি এনেবোৰ জলন্ত সমস্যাৰ শীঘ্ৰে সমাধান কৰি নাগৰিকৰ জীৱন সম্পত্তিৰ স্থায়ী সুৰক্ষা কৰাৰ লগতে চৰকাৰী সেৱা সহজলভ্য কৰাৰ দাবী জনাই ।
ছাত্ৰ সন্থাই এনেবোৰ স্পৰ্শকাতৰ আৰু অতি জৰুৰী সমস্যাৰ ক্ষীপ্ৰ সমাধানত প্ৰশাসন আৰু বিভাগে গুৰুত্ব আৰোপ নকৰিলে সমস্যা ভোগী ৰাইজৰ সহযোগত ব্যাপক গণ আন্দোলনৰ পাতনি মেলিব বুলি সকীয়াই দিয়ে ।
ক্লিক কৰি পঢ়কঃ জয়পুৰ আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত পাৰ্থ সাৰথি মহন্তৰ 'হাড়গিলা- দ্যা গ্রেটাৰ এডজুটেন্ট ষ্টৰ্কে' লাভ কৰিলে বিশেষ বঁটা