জয়পুৰ আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত পাৰ্থ সাৰথি মহন্তৰ 'হাড়গিলা- দ্যা গ্রেটাৰ এডজুটেন্ট ষ্টৰ্কে' লাভ কৰিলে বিশেষ বঁটা

জয়পুৰ আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত পাৰ্থ সাৰথি মহন্তৰ  'হাড়গিলা- দ্যা গ্রেটাৰ এডজুটেন্ট ষ্টৰ্কে' লাভ কৰিলে বিশেষ বঁটা
জয়পুৰ আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত পাৰ্থ সাৰথি মহন্তৰ 'হাড়গিলা- দ্যা গ্রেটাৰ এডজুটেন্ট ষ্টৰ্কে' লাভ কৰিলে বিশেষ বঁটা

ডিজিটেল ডেস্কঃ জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বিট ডকুমেণ্টৰী শিতানত বিশেষ বঁটা আজুৰি আনিবলৈ সক্ষম হৈছে পাৰ্থ সাৰথি মহন্তৰ দ্বাৰা পৰিচালিত 'হাড়গিলা- দ্যা গ্রেটাৰ এডজুটেন্ট ষ্টৰ্ক' শীৰ্ষক তথ্যচিত্ৰখনে। এই তথ্যচিত্ৰখন প্ৰযোজনা কৰিছে মীনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱাই।

বিলুপ্তপ্ৰায় হাড়গিলাৰ শৃংখলাবদ্ধ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা প্ৰসিদ্ধ প্ৰকৃতিবিদ পূৰ্ণিমা দেৱী বৰ্মনৰ নেতৃত্বত এই নিঃশেষ হ'বলৈ ধৰা চৰাইবিধৰ সন্দৰ্ভত কামৰূপ জিলাৰ দদৰা, পচৰীয়া অঞ্চলত এক কনজাৰভেশ্যন ইফ'ৰ্ট আৰম্ভ কৰা হৈছিল। এই অঞ্চলৰ মহিলাসকলক একগোট কৰি পূৰ্ণিমা দেৱী বৰ্মনে গঠন কৰিছিল 'হাড়গিলা আৰ্মি'

এই প্ৰচেষ্টাত যথেষ্ট সহাৰি তথা সমৰ্থন আগবঢ়াইছিল কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত কামৰূপ আৰক্ষী প্ৰশাসনেও। শেহতীয়াকৈ ইয়াৰ ওপৰত নিৰ্মাণ কৰা তথ্যচিত্ৰখনে লাভ কৰা সন্মানে উক্ত অঞ্চলৰ নাৰীসকলৰ কষ্ট আৰু হাড়গিলা সংৰক্ষণৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ এক অনন্য স্বীকৃতি বুলি গণ্য কৰিব পাৰি বুলি প্ৰযোজক আৰু পৰিচালকে মন্তব্য কৰিছে।

উল্লেখনীয় বিষয় যে, হাড়গিলা তথ্যচিত্ৰখন জয়পুৰ চলচ্চিত্ৰ মহোৎসৱৰ উপৰিও মুম্বাই ছুটি ছবি মহোৎসৱ, দিল্লী আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ, গোৱা চলচ্চিত্ৰ মহোৎসৱ, পুনে ছবি মহোৎসৱ, টেগৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ৱাইল্ডলাইফ কনজাৰভেশ্যন ছবি মহোৎসৱ (নিউয়ৰ্ক) আৰু এছ অ' এফ একে ধৰি প্ৰায় ৭ খন ভিন্ন ছবি মহোৎসৱত প্ৰদৰ্শিত হৈছে। এইয়া নিসন্দেহে অসমবাসীৰ বাবে এক গৌৰৱৰ বিষয়।

আনহাতে জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ এনিমেশ্যন শিতানত শ্ৰেষ্ঠ পৰিচালক সন্মান লাভ কৰে পাৰ্থ সাৰথি মহন্তই। শ্ৰেষ্ঠ ক্ৰিয়েটিভ পৰিচালকৰ বঁটা লাভ কৰে লাচিত দ্যা ৱাৰিয়ৰৰ বাবে অনুপম মহন্তই। তদুপৰি লাচিত বৰফুকনৰ বিষয়বস্তু সাঙুৰি পাৰ্থ সাৰথি মহন্তই ৰচনা কৰা জীৱনীমূলক কবিতাটোৱে যথেষ্ট সমাদৰ লাভ কৰে। কবিতাটো আবৃত্তি কৰিছে ড০ অমৰজ্যোতি চৌধুৰীয়ে। আৱহ সংগীত ৰূপম তালুকদাৰৰ। প্ৰচ্ছদসজ্জা কৰিছে হৃষিকেশ বৰাৰ আৰু এনিমেশ্যন কৰিছে ৰাতুল দত্তই।

উল্লেখ্য যে, ৬ জানুৱাৰী ২০২৩ ৰ পৰা অনুষ্ঠিত হৈছে জয়পুৰ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল। এই ফিল্ম ফেষ্টিভেলত ৬৩ খন দেশৰ ২৮২ খন বিভিন্ন দেশৰ ছবি ইতিমধ্যএ প্ৰদৰ্শিত হৈছে। তদুপৰি চলচ্চিত্ৰজগতৰ বিভিন্ন বিষয়বস্তু সামৰি প্ৰায় ২৫ খন কৰ্মশালা, চেমিনাৰ আৰু আলোচনাচক্ৰ অনুষ্ঠিত হৈছে। ইয়াৰ জৰিয়তে চলচ্চিত্ৰপ্ৰেমী ৰাইজ যথেষ্ট উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in