আটাছুৰ স্মাৰকপত্ৰঃ চুকাফা মৈদামৰ মাটি কেনেকৈ ম্যাদী পট্টা হ’ল !

চৰাইদেউ জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰি তীব্ৰ প্ৰতিক্ৰিয়া আটাছুৰ

author-image
Asomiya Pratidin
New Update
আটাছুৰ স্মাৰকপত্ৰঃ চুকাফা মৈদামৰ মাটি কেনেকৈ ম্যাদী পট্টা হ’ল !

আটাছুৰ স্মাৰকপত্ৰ

ডিজিটেল সংবাদ,চৰাইদেউঃ বৰ অসমৰ জনক চাওলুং চুকাফাৰ মৈদাম ব্যক্তিগত ভূমিৰ ম্যাদী পট্টাত সোমাই থকা বিষয়টোত সৰব হৈ পৰিছে আটাছুৰ চুকাফা আঞ্চলিক সমিতি। সমিতিখনৰ সভাপতি অৰ্জুন কোঁৱৰ আৰু সম্পাদক সুৰয বৰগোঁহাইয়ে সোমবাৰে চৰাইদেউ জিলাৰ উপায়ুক্তক এক স্মাৰকপত্ৰ প্ৰদান কৰি এই বিষয়ত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

Advertisment

পত্ৰখনত উল্লেখ কৰা অইনুসৰি দীৰ্ঘদিন ধৰি উপেক্ষিত হৈ থকা চাওলুং চুকাফাৰ মৈদাম ২০১৬ চনত উদ্ধাৰ হোৱাৰ পাছত এই মৈদাম ব্যক্তিগত মাটিৰ ম্যাদী পট্টাত সোমাই থকা বিষয়টো পোহৰলৈ আহিছে। এই বিষয় অতিশয় দুৰ্ভাগ্যজনক আৰু কেনেকৈ চুকাফাৰ মৈদাম ম্যাদী পট্টাত সোমাই পৰিল সেই বিষয়ত এক তদন্তৰ দাবী জনোৱাৰ কথা উল্লেখ কৰিছে।

আৰু পঢ়কঃ ধিক ! জীৱন্তে বন গাহৰিক জ্বলাই দিলে দুস্কৃতিকাৰীয়ে...

assam charaideo