ধিক ! জীৱন্তে বন গাহৰিক জ্বলাই দিলে দুস্কৃতিকাৰীয়ে...

বিপদাপন্ন লাওখোৱা অভয়াৰণ্যৰ বন্যপ্ৰাণী

author-image
Asomiya Pratidin
New Update
ধিক ! জীৱন্তে বন গাহৰিক জ্বলাই দিলে দুস্কৃতিকাৰীয়ে...

জীৱন্তে বন গাহৰিক জ্বলাই দিলে দুস্কৃতিকাৰীয়ে

ডিজিটেল সংবাদ,নগাঁওঃ ৰাজ্যৰ অন্যতম অভয়াৰণ্য লাওখোৱা অভয়াৰণ্য ৷ এই অভয়াৰণ্যখনত কিমান সুৰক্ষিত বন্যপ্ৰাণ্যী তাকেলৈ প্ৰশ্ন উঠিছে সচেতন মহলত ৷ শেহতীয়াকৈ লাওখোৱা অভয়াৰণ্যত সংঘটিত এক ঘটনাই ৰাজ্যৰ বিয়াগোম বন বিভাগৰ বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত চলি থকা অকৰ্মন্যতাৰ স্বৰূপ উদঙাইছে।

Advertisment

অভয়াৰণ্য এখনত অনুমতি অবিহনে সাধাৰণ লোকৰ প্ৰৱেশ নিষেধ ৷ তাতে আকৌ লাওখোৱা অভয়াৰণ্য টাইগাৰ ৰিজাৰ্ভৰ অধীনৰ ৷ সেয়ে লাওখোৱাৰ সমগ্ৰ ব্যৱস্থাটো অধিক কটকটীয়া ৷ কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা থকা লাওখোৱা অভয়াৰণ্যত এতিয়া বন্যপ্ৰানীৰ মৃত্যুৰ কিৰিলি ৷

জানিব পৰা অনুসৰি অভয়াৰণ্যখনত নিৰ্বিবাদে একাংশ দুষ্কৃতিকাৰীয়ে প্ৰৱেশ কৰি বন্যপ্ৰানী হত্যা কৰিব পাৰে ৷ শেহতীয়াকৈ লাওখোৱা অভয়াৰণ্যৰ বিশখুটিত কোনো দুষ্কৃতিকাৰীয়ে জ্বলাই হত্যা কৰিছে বন গাহৰিক ৷ দুস্কৃতিকাৰীয়ে অভয়াৰণ্যত প্ৰৱেশ কৰি অগ্নি সংযোগৰ দ্বাৰা হত্যা কৰে বন গাহৰি ৷ অভয়াৰন্যখনৰ বুঢ়াচাপৰিৰ এলেকাৰ অধীনৰ বিশখুটিত সংঘটিত হৈছে এই ঘটনা ৷

উল্লেখ্য যে, অভয়াৰণ্যখনৰ কৰ্তৃপক্ষই জনোৱা মতে তেওঁলোকে কোনো ধৰণৰ অগ্নি সংযোগ কৰা নাই ৷ তাৰ বিপৰিতে আসুৰিকভাৱে একাংশ দুস্কৃতিকাৰীয়ে বন গাহৰিৰ মাংসৰ বাবে অভয়াৰণ্যখনত অগ্নিসংযোগ কৰে বুলি উল্লেখ কৰে ৷ এই অগ্নি সংযোগৰ ফলত অভয়াৰণ্যখনত থকা বন গাহৰিৰ গাত জুই লাগে আৰু জীৱন্তে অগ্নিদগ্ধ হৈ বহু গাহৰিৰ মৃত্যু হয় ৷

আনহাতে অগ্নি সংযোগৰ ঘটনা সংঘটিত হোৱা খবৰ বন বিভাগে লাভ কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে একাংশ সচেতন ৰাইজে। দেওবাৰে এই ঘটনা পোহৰলৈ অহাৰ পিছত বন বিভাগে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰাটো ৰহস্যজনক আখ্যা দিয়ে ৷ উক্ত ঘটনাত কোন জৰিত সেই ক্ষেত্ৰত বন বিভাগে তদন্ত কৰাৰ কোনো তথ্য জানিব পৰা হোৱা নাই বুলি ৰাইজে উল্লেখ কৰে ৷

ইফালে অভয়াৰণ্যখনৰ বিশখুটিত শুকান ঘাঁহ-বন জ্বলাই একাংশ লোকে দখল কৰাৰো অভিযোগ উত্থাপন কৰে ৷ কোনোৱে মুকলিভাৱে মাটি মোকলাই মাটি চহ কৰি খেতি কৰাৰ বাবে সাজু কৰি তুলিছে ৷ অভিযোগ অনুসৰি বন বিভাগৰ বিষয়াক মেনেজ কৰি দখলকাৰীয়ে মাটি চহ কৰি বিভিন্ন খেতি কৰিবলৈ সাজু কৰিছে ৷ লগতে অভয়াৰণ্যৰ ভূমি দখল কৰি গৰু আৰু ম’হৰ পোহ-পালৰ ব্যৱস্থা কৰাৰো অভিযোগ উঠিছে ৷ ফলত বিপদাপন্ন অভয়াৰণ্যৰ বন্যপ্ৰাণী ৷

আৰু পঢ়কঃ “মানুহৰ জীৱনটো মাটিৰ পুতলাৰ দৰে, ই কোন মুহুৰ্তত ভাঙি পৰে তাৰ ঠিকনা নাই”

nagaon assam forest department laokhowa wildlife sanctuary assam