Advertisment

চিলাপথাৰৰ নৃশংস হত্যাকাণ্ডৰ তদন্তৰ দাবীত স্মাৰক পত্ৰ বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ...

৩০ জানুৱাৰীত বৃদ্ধ মাতৃৰ চিকিৎসাৰ বাবে অৰুণাচলৰ বাচাৰত ব্যৱসায় কৰা চিলাপথাৰৰ ২ নং ভৈৰৱপুৰৰ কংকন দাস আহিছিল নিজা ঘৰলৈ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,চিলাপথাৰঃ চিলাপথাৰত অলপতে সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড । দুৰ্বৃত্তই ডিঙি ৰেপি হত্যা কৰিছিল চিলাপথাৰৰ ২ নং ভৈৰৱপুৰৰ কংকন দাস ওৰফে সুমন দাস নামৰ ২৯ বছৰীয়া এজন যুৱকৰ ।

Advertisment

উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ পৰা মাতৃৰ চিকিৎসাৰ বাবে ঘৰলৈ অহাৰ সময়ত ঘাতকৰ হাতত প্ৰাণ হেৰুৱাইছিল কংকন দাসে । শুকুৰবাৰে পুৱা চিলাপথাৰ-জোনাই পথৰ জলকীয়াসূতিত উদ্ধাৰ হৈছিল যুৱকজনৰ ক্ষত বিক্ষত মৃতদেহ। 

এই পৰ্যন্ত আৰক্ষীৰ হাতত পৰা নাই হত্যাকাৰী। ইপিনে যুৱকজনৰ মৃত্যুৰ উচিত তদন্ত বিচাৰি আজি চিলাপথাৰ আৰক্ষীক স্মাৰক পত্ৰ প্ৰদান কৰিছে বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ চিলা-ভৈৰৱপুৰ আঞ্চলিক সমিতিয়ে। ক্ষীপ্ৰতাৰে হত্যাকাণ্ডৰ তদন্ত চলাই দোষীক কৰায়ত্ব কৰি কঠোৰ শাস্তিৰ দাবী কৰে সংগঠনটোৱে। অন্যথা অঞ্চলবাসী ৰাইজৰ সহযোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সকীয়নী দিয়ে সংগঠনটোৱে ।

উল্লেখ্য যে ৩০ জানুৱাৰীত বৃদ্ধ মাতৃৰ চিকিৎসাৰ বাবে অৰুণাচলৰ বাচাৰত ব্যৱসায় কৰা চিলাপথাৰৰ ২ নং ভৈৰৱপুৰৰ কংকন দাস আহিছিল নিজা ঘৰলৈ। নিশা ৯ বজাত মোমায়েকৰ ঘৰৰ পৰা ডিব্ৰুগড়লৈ বুলি ওলাই গৈছিল যুৱকজন।

পিছদিনা পুৱাই চিলাপথাৰৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জলকীয়াসূঁতিত উদ্ধাৰ হয় কংকন দাসৰ বিবস্ত্ৰ শিৰচ্ছেদ মৃতদেহ। লগতে কিছু নিলগৰ চিলা-বালিগাঁৱত উদ্ধাৰ হয় যুৱকজনৰ নামত পঞ্জীয়নভুক্ত নীলা ৰঙৰ চুইফট বাহনখন। নিশা অজ্ঞাত ঘাতকৰ দলে নৃশংসভাৱে হত্যা কৰি পেলাই থৈ যায় জলকীয়াসূঁতিত ।

বৰ্তমান সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে চিলাপথাৰ আৰক্ষীয়ে। আৰক্ষীৰ ক্ষীপ্ৰ আৰু উপযুক্ত তদন্ততেহে ঘটনাৰ সকলো ৰহস্য ফাদিল হ'ব। 

চিলাপথাৰ