
ডিজিটেল ডেস্ক: মেঘালয়ৰ নংপুত দেওবাৰে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। চিমেণ্টভৰ্তি ট্রাক আৰু বলেৰ’ বাহনৰ মাজত সংঘৰ্ষৰ ফলত এই পথ দুৰ্ঘটনা সংঘটিত হয়।
দুৰ্ঘটনাত নিহত বয় বলেৰ’ বাহনখনৰ ৬ জনকৈ আৰোহী। দুৰ্ঘটনাগ্রস্ত বাহনখন আছিল অসমৰ বৰমাস্থিত চেইণ্ট জ’নচ উঃ মাঃ বিদ্যালয়ৰ।
দুৰ্ঘটনাত নিহত ফাদাৰ, হেড মিষ্ট্রেছসহ ৬জনকৈ লোকৰ। মৃত সকল ক্ৰমে- ফাদাৰ মেথিউ দাস, হেড মিষ্ট্রেচ মিলগ্রীন ডেণ্টেচ,শিক্ষক মাইৰণ ৰেঞ্জাৰ, ছিষ্টাৰ প্রেমিলা টিৰ্কী, ৰ’জী ন’নগ্রীন।লগতে মৃত্যু গাড়ী চালক সঞ্জয় স্বৰ্গীয়াৰীৰ।
দুৰ্ঘটনাগ্রস্ত বলেৰ’ বাহনখনৰ নম্বৰ AS-26 B 7908। ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।