জে বি আইন মহাবিদ্যালয়ৰ প্ৰাক্তন সতীৰ্থ সংস্থাৰ বৈঠক

বিতং তথ্যৰ বাবে সতীৰ্থ সকলে ৮৬৩৮৫৯৯৬৩৮,৭০০২৮৩১৮৩৪ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে

author-image
Asomiya Pratidin
New Update
জে বি আইন মহাবিদ্যালয়ৰ প্ৰাক্তন সতীৰ্থ সংস্থাৰ বৈঠক

জে বি আইন মহাবিদ্যালয়

ডিজিটেল ডেস্কঃ জে বি আইন মহাবিদ্যালয়ৰ প্ৰাক্তন সতীৰ্থ সংস্থাৰ বৈঠক। যোৱা ১৫ ডিচেম্বৰত এই বৈঠকখন অনুষ্ঠিত হয়। উক্ত বৈঠকত মহাবিদ্যালয়খনৰ সোণালী জয়ন্তী সমাৰোহ উদযাপন সম্পৰ্কে বিতংভাৱে আলোচনা হয়।

Advertisment

তাৰোপৰি অহা ৮ জানুৱাৰীত মহাবিদ্যালয়খনত দিনৰ ১১ বজাৰ পৰা জে বি আইন মহাবিদ্যালয়ৰ প্ৰাক্তন সতীৰ্থ সংস্থাৰ এখন সাধাৰণ সভা অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে। প্ৰাক্তন সতীৰ্থ সংস্থাৰ এখন সাধাৰণ সভাৰ মূল উদ্দেশ্য উত্তৰ পূৰ্বাঞ্চলৰ আইন শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অন্যতম বাটকটীয়া জ্ঞানদাভিৰাম বৰুৱা আইন মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ লগত বিজড়িত গুৰুত্বপূৰ্ণ দিশ,চিন্তা-চৰ্চা কৰি আলাপ আলোচনা কৰা।

উক্ত বৈঠকত দেশ তথা বিশ্বৰ বিভিন্ন প্ৰান্তত থকা মহাবিদ্যালয়খনৰ প্ৰতিজন প্ৰাক্তন সতীৰ্থক অনুষ্ঠানত সক্ৰিয় অংশগ্ৰহণ কৰি সাফল্যমণ্ডিত কৰাৰ বাবে কাৰ্যনিৰ্বাহকে আহ্বান জনায়। কাৰ্যনিৰ্বাহকে বিতং তথ্যৰ বাবে সতীৰ্থ সকলে ৮৬৩৮৫৯৯৬৩৮,৭০০২৮৩১৮৩৪ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে।

আৰু পঢ়কঃ ন্যুনতম সমৰ্থন মূল্যত ধান ক্ৰয় প্ৰক্ৰিয়াৰ পৰ্যালোচনা মন্ত্ৰী পীযুষৰ

assam guwahati