Advertisment

অসম-জাপানৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ জাপানৰ শীৰ্ষ চৰকাৰী বিষয়াসকলক সাক্ষাৎ…

বহুকেইখন বৈঠকৰ অন্তত জাপানৰ প্ৰতিনিধি সদনৰ অধ্যক্ষ ফুকুছিৰো নুকাগাৰ সৈতে ২২ জানুৱাৰীৰ নিশা মিলিত হৈ অসমৰ দৃষ্টিকোণেৰে ভাৰত আৰু জাপানৰ মাজত শক্তিশালী সাংস্কৃতিক আৰু অৰ্থনৈতিক সম্পৰ্কৰ দিশত দুয়ো বাৰ্তালাপ কৰে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
অসম-জাপানৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ জাপানৰ শীৰ্ষ চৰকাৰী বিষয়াসকলক সাক্ষাৎ

অসম-জাপানৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ জাপানৰ শীৰ্ষ চৰকাৰী বিষয়াসকলক সাক্ষাৎ

ডিজিটেল ডেস্ক : মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জাপান ভ্রমণ অসমৰ বিনিয়োগ ব্যৱস্থা আৰু সম্ভাৱনাৰ দিশত বিশেষ ভ্রমণ হিচাপে বিবেচিত হ'ব। প্ৰথম দিনাৰ বহুকেইখন বৈঠকৰ অন্তত জাপানৰ প্ৰতিনিধি সদনৰ অধ্যক্ষ ফুকুছিৰো নুকাগাৰ সৈতে ২২ জানুৱাৰীৰ নিশা মিলিত হৈ অসমৰ দৃষ্টিকোণেৰে ভাৰত আৰু জাপানৰ মাজত শক্তিশালী সাংস্কৃতিক আৰু অৰ্থনৈতিক সম্পৰ্কৰ দিশত দুয়ো বাৰ্তালাপ কৰে। ৰাজ্যৰ দক্ষ কৰ্মশক্তিৰ বাবে জাপানত কামৰ সুযোগ অন্বেষণত অসমে পালন কৰিব পৰা ভূমিকা বিষয়কো এই আলোচনাত সামৰি লোৱা হয়।

Advertisment
অসম-জাপানৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ জাপানৰ শীৰ্ষ চৰকাৰী বিষয়াসকলক সাক্ষাৎ
অসম-জাপানৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ জাপানৰ শীৰ্ষ চৰকাৰী বিষয়াসকলক সাক্ষাৎ

 

জাপান ভ্ৰমণৰ দ্বিতীয়টো দিনত ড০ শৰ্মাই ভাৰতীয় দূতাবাসত মহান স্বাধীনতা সংগ্রামী নেতাজী সুভাষ চন্দ্র বসুক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি দিনটো আৰম্ভ কৰে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে জাপানতে নেতাজীয়ে আজাদ হিন্দ ফৌজৰ বীজ ৰোপণ কৰিছিল। যাৰ উদ্দেশ্য আছিল- দমনকাৰী ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সংগ্রাম কৰা। 

তেখেতৰ দেশ সেৱাৰ সাহস আৰু সংকল্প অতুলনীয়। নেতাজীৰ বীৰত্ব চিৰদিন ভাৰতবাসীৰ দ্বাৰা উদযাপিত হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। দিনটোত জাপানৰ ন্যায় বিভাগৰ ৰাজ্যিক মন্ত্রী কোমুৰা মাছাহিৰো আৰু জাপানৰ ভূমি, আন্তঃগাঁথনি, পৰিবহণ আৰু পৰ্যটন বিভাগৰ ৰাজ্যিক মন্ত্রী ফুৰুকাৱা য়াছুছিৰক পৃথক বৈঠকৰ জৰিয়তে মুখ্যমন্ত্রীয়ে সাক্ষাৎ কৰে। 

অসম-জাপানৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ জাপানৰ শীৰ্ষ চৰকাৰী বিষয়াসকলক সাক্ষাৎ
অসম-জাপানৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ জাপানৰ শীৰ্ষ চৰকাৰী বিষয়াসকলক সাক্ষাৎ

 

ন্যায় মন্ত্ৰীৰে হোৱা বৈঠকত জাপানী কোম্পানীসমূহৰ বাবে উৎসর্গিত এখন ঔদ্যোগিক উদ্যান স্থাপনৰ ক্ষেত্ৰত অসম চৰকাৰৰ উদ্দেশ্য আৰু অসমৰ পৰা অহা প্ৰতিভাৱান যুৱক-যুৱতীসকলে জাপানত দক্ষ শ্রমিকৰ চাহিদা দূৰ কৰাত কেনেদৰে সহায় কৰিব পাৰে, সেই বিষয়তো আলোকপাত কৰে। আনহাতে আনখন বৈঠকত জাপান আৰু অসমত পর্যটনৰ সম্ভাৱনা আৰু প্ৰচাৰৰ কথা আলোচনা কৰে। 

লগতে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামৰ অন্তর্ভুক্তিকে ধৰি পৰ্যটনকেন্দ্রিক বিভিন্ন বিষয় আলোচনা কৰা হয়। গলফ খেলপথাৰৰ পৰা আৰম্ভ কৰি চাহ বাগিচা তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈকে অসমত জাপানী পর্যটকৰ বাবে থকা সুবিধাৰ বিষয়ে বিষদভাৱে মুখ্যমন্ত্রীগৰাকীয়ে জাপানৰ পৰ্যটন মন্ত্ৰীগৰাকীক অৱগত কৰে। পৰৱৰ্তী সময়ত হিৰোছিমাত উপস্থিত হৈ হিৰোছিমা শান্তি স্মাৰকত পুষ্প অর্পণ কৰে মুখ্যমন্ত্রী ড০ শৰ্মাই। তেওঁ হিৰোছিমা আক্রমণত নিহতসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু শান্তি স্মাৰকৰ সমীপতে স্থাপিত জাতিৰ পিতা মহাত্মা গান্ধীৰ আৱক্ষ মূর্তিতো শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। 

অসম-জাপানৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ জাপানৰ শীৰ্ষ চৰকাৰী বিষয়াসকলক সাক্ষাৎ
অসম-জাপানৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ জাপানৰ শীৰ্ষ চৰকাৰী বিষয়াসকলক সাক্ষাৎ

 

উল্লেখ্য যে ২০২৩ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাতিৰ পিতাৰ আবক্ষ মূর্তি উন্মোচন কৰিছিল। প্ৰকৃতাৰ্থত হিৰোছিমা শান্তি স্মাৰকৰ সমীপত বাপুৰ আবক্ষ মূৰ্তিটোৱে শান্তি আৰু অহিংসাৰ এক শক্তিশালী বাৰ্তাৰ স্বাক্ষৰ বহন কৰিছে বুলি মুখ্যমন্ত্রীয়ে ব্যক্ত কৰে।

অসমত ইতিমধ্যে উদ্যোগৰ বাবে এক সুন্দৰ পৰিৱেশ তন্ত্ৰৰ সূচনা হৈছে, য'ত বৃহৎ কোম্পানীসমূহে ইতিমধ্যে নিজৰ কাৰ্যপন্থা আগবঢ়াই নিছে। লগতে কামেদা ছেইকাৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীলেখ ৰাজ জুনেজাক সাক্ষাৎ কৰি অসমৰ সমৃদ্ধিশালী খাদ্য সংসাধন খণ্ডত বিনিয়োগৰ বাবে মুখ্যমন্ত্রীয়ে আমন্ত্রণ জনায়। লগতে জুনেজাক শেহতীয়াকৈ প্রবাসী ভাৰতীয় সন্মান বঁটা ২০২৫ লাভ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে অভিনন্দন জ্ঞাপন কৰে।

অসম-জাপানৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ জাপানৰ শীৰ্ষ চৰকাৰী বিষয়াসকলক সাক্ষাৎ
অসম-জাপানৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ জাপানৰ শীৰ্ষ চৰকাৰী বিষয়াসকলক সাক্ষাৎ

 

উল্লেখযোগ্য জাপান যাত্ৰাৰ অন্যতম এক গুৰুত্বপূৰ্ণ সাক্ষাৎ আছিল মাইক্রন মেম'ৰী ফেচিলিটী পৰিদৰ্শনেৰে কোম্পানীটোৰ উপাধ্যক্ষ জোছুয়া লীৰ সৈতে হোৱা সাক্ষাৎ। জাগীৰোডৰ ইলেক্ট্র'নিক টাউনশ্বিপক বিশ্বব্যাপী ছেমিকণ্ডাক্টৰ হাব হিচাপে গঢ়িবলৈ লোৱাৰ এই সময়ত মুখ্যমন্ত্রী ড০ শর্মাই লীৰ সৈতে মত বিনিময় কৰি তেখেতসকলক অসমৰ ছেমিকণ্ডাক্টৰ উদ্যোগৰ বিকাশ যাত্রাত সহযোগিতা আগবঢ়োৱাৰ বাবে অংশীদাৰ হ'বলৈ আমন্ত্রণ জনায়।


হিৰোছিমাৰ পৰা মুখ্যমন্ত্রী ড০ শর্মা উপস্থিত হয় ওছাকাৰ এডভান্টেজ আছাম ৰোড শ্ব'ত। ৮০ গৰাকীতকৈও অধিক উদ্যোগীৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত আজি ২০৩০ চনৰ ভিতৰত অসমৰ জি এছ ডি পিক আমি ১৪৩ বিলিয়ন আমেৰিকান ডলাৰলৈ লৈ যোৱাৰ লক্ষ্যৰ বিষয়ে তথা অসমক ভাৰতৰ পৰৱৰ্তী অর্থনৈতিক কেন্দ্ৰ হিচাপে সাজু কৰি তোলাৰ বিষয়ে উপস্থিতসকলৰ আগত বক্তব্য আগবঢ়ায়। 

বিশ্বৰ ভিন্ন প্রতিষ্ঠানসমূহৰ বাবে অসমৰ ১২ বিলিয়ন আমেৰিকান ডলাৰৰ আন্তঃগাঁথনি বিনিয়োগৰ পৰিকল্পনা এক বৃহৎ সুযোগ হিচাপে পৰিগণিত হ'ব। বক্তব্য প্রসংগত ২০২৪ চনত ৪ বিলিয়ন আমেৰিকান ডলাৰৰ ব্যক্তিগত বিনিয়োগ লাভ কৰিবলৈ সক্ষম হোৱা বিষয়টিকো দাঙি ধৰে। এই পৰিসংখ্যা এতিয়ালৈকে সর্বাধিক বুলিও তেখেতে মন্তব্য কৰে। অসমৰ জনসাধাৰণৰ হৈ ওছাকাৰ উদ্যোগীসকলক এডভান্টেজ আছাম-২.০ত ভাগ ল'বলৈ আমন্ত্রণ জনাই অসমৰ বিকাশ যাত্ৰাত অংশীদাৰ হ'বলৈ অনুৰোধ জনায়।

অসম-জাপানৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ জাপানৰ শীৰ্ষ চৰকাৰী বিষয়াসকলক সাক্ষাৎ
অসম-জাপানৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ জাপানৰ শীৰ্ষ চৰকাৰী বিষয়াসকলক সাক্ষাৎ

 

ব্যৱসায়িক নেতাবৃন্দৰ সৈতে বাৰ্তালাপৰ পাছত মুখ্যমন্ত্রীয়ে কানচাই পেইন্টছৰ কাৰ্যবাহী বিষয়া আৰু ভাৰতৰ ব্যৱসায়ৰ মুৰব্বী প্রবীণ চৌধুৰীৰ সৈতে এক বৈঠকত মিলিত হয়। আৰু তেওঁক অসমৰ দ্রুত গতিত বর্ধিত বজাৰত সুযোগ অন্বেষণ কৰিবলৈ আমন্ত্রণ জনায়।

ড০ শৰ্মাই আই আই টিৰ সহযোগত ষ্টার্টআপৰ দিশত কাম কৰি থকা এনৰিচন ইণ্ডিয়া কেপিটেলৰ প্রতিষ্ঠাপক আৰু মুখ্য কার্যবাহী বিষয়া যুচুকে কাকিমোটোৰ সৈতে এক বৈঠকেৰে ব্যস্ততাপূর্ণ দিনটোৰ সমাপ্তি ঘটায়। তেখেতে গোটটোক অসমৰ ষ্টার্টআপ পৰিস্থিতিতন্ত্ৰৰ বিকাশেৰে আৰু ষ্টার্টআপৰ উদ্যোগীসকলক প্রশিক্ষণ দিবলৈ আহ্বান জনায়। ইফালে শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ জাপান ভ্ৰমণৰ অন্তিম দিনটোত ড০ হিমন্ত বিশ্ব শৰ্মাই জ্যেষ্ঠ চৰকাৰী প্ৰতিনিধি আৰু উদ্যোগৰ নেতৃবৃন্দৰ সৈতে বহুকেইখন বৈঠকত মিলিত হ'ব জানিবলৈ দিয়ে।

Dr. Himanta Biswa Sarma japan