ইউক্ৰেইনৰ ফেৰত ভাৰতীয় শিক্ষাৰ্থীলৈ ৰাছিয়াৰ বাম্পাৰ অফাৰ...

ইউক্ৰেইনৰ ফেৰত ভাৰতীয় শিক্ষাৰ্থীলৈ ৰাছিয়াৰ বাম্পাৰ অফাৰ...
ইউক্ৰেইনৰ ফেৰত ভাৰতীয় শিক্ষাৰ্থীলৈ ৰাছিয়াৰ বাম্পাৰ অফাৰ...

ডিজিটেল ডেস্কঃ যুদ্ধবাজ নেতাৰ দাম্ভিকতাৰ বাবেই এতিয়াও অব্যাহত আছে শেষ নোহোৱা এখন যুদ্ধ। পৰিণতিত সৰ্বসাধাৰণৰ জীৱন, জীৱিকালৈ ভাবুকি নামি অহাৰ লগতে কেইবাটাও প্ৰজন্মৰ ভৱিষ্যত অন্ধকাৰলৈ গতি কৰিছে।

সুদীৰ্ঘ সময় ধৰি চলি থকা ৰাছিয়া-ইউক্ৰেইনৰ এই যুদ্ধই সকলো ফালৰ পৰা সৃষ্টি কৰিছে কেৱল জটিলতা। বিশেষকৈ ইউক্ৰেইনৰ জনতাৰ জীৱন দুৰ্বিসহ হৈ পৰিছে।

সৌ সিদিনালৈকে ইউক্ৰেইনৰ প্ৰধান চহৰ সমূহ আছিল অতি ব্যস্ত। উইক্ৰেইনৰ শিক্ষাৰ্থীৰ লগতে বিদেশৰো বহু শিক্ষাৰ্থীয়ে ইউক্ৰেইনৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানসমূহত জীৱন গঢ়াৰ পাঠ পঢ়িছিল।

বিশষকৈ ইউক্ৰেইনত মেডিকেলৰ শিক্ষাগ্ৰহণ কৰিবলৈ ঢাপলি মেলিছিল ভাৰতকে ধৰি এছিয়াৰ বিভিন্ন দেশৰ শিক্ষাৰ্থী। ইয়াৰ মূল কাৰণ আছিল শিক্ষা আহৰণৰ বাবে ইউক্ৰেইনত বহু বেছি ধনৰ প্ৰয়োজন নহৈছিল।

কিন্তু অহংকাৰী, অদূৰদৰ্শী, দাম্ভিক ৰাষ্ট্ৰনেতাৰ বাবেই শেষ গৈ গ'ল সকলো। ধ্বংস হৈ পৰিল লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যত। নিশাৰ ভিতৰতে সকলো এৰি ইউক্ৰেইনৰ পৰা পলাবলৈ বাধ্য হ'ল ভাৰতকে ধৰি অন্য়ান্য ৰাষ্ট্ৰ শিক্ষাৰ্থী।

আধৰুৱা শিক্ষাৰে এক অনিশ্চিত ভৱিষ্যত লৈ স্বদেশলৈ কোনোমতে প্ৰাণ বচাই ঘূৰি অহা এই শিক্ষাৰ্থী সকলৰ স্বপ্ন ভংগ হোৱাৰ পিছত এতিয়া কেৱল হতাশাই দেখা দিছে। অৱশ্যে তাৰ মাজতে আহিছে এক ভাল খবৰ।

কূটনৈতিক কাৰণতেই হওক অথবা, ভাৰতৰ সৈতে থকা বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ বাবেই হওক যুদ্ধবাজ ৰাছিয়াই ইউক্ৰেইন ফেৰত ভাৰতীয় ছাত্ৰৰ বাবে আগবঢ়াইছে এক বিশেষ সুযোগ। ইচ্ছা কৰিলে এইসকল ছাত্ৰই ৰাছিয়াত সম্পূৰ্ণ কৰিব পাৰিব তেওঁলোকৰ শিক্ষা।

ইউক্ৰেইনত মেডিকেল শিক্ষা আহৰণৰ বাবে গৈ আধৰুৱা শিক্ষাৰে ঘূৰি আহিবলগীয়া হোৱা ভাৰতীয় শিক্ষাৰ্থীক ৰাছিয়াত আধৰুৱা শিক্ষা সমাপ্ত কৰাৰ সুযোগ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। ভাৰতস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰদূত ওলেগ আদিভে চেন্নাইত এই সম্পৰ্কে ঘোষণা কৰিছে।

এক অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ কৈছে, -ইউক্ৰেইনৰ পৰা যিসকল ভাৰতীয় শিক্ষাৰ্থী আধৰুৱা শিক্ষাৰে উভতি আহিছে, তেওঁলোকক ৰাছিয়া শিক্ষা সম্পূৰ্ণ কৰাৰ সুযোগ দিবলৈ প্ৰস্তুত। ইউক্ৰেইন আৰু ৰাছিয়াৰ মেডিকেল পাঠ্যক্ৰম প্ৰায় একে। সেয়ে শিক্ষাৰ্থীসকলৰ অসুবিধা নহ’ব। তেওঁলোকে ৰাছিয়াত তেওঁলোকৰ অসমাপ্ত মেডিকেল পাঠ্যক্ৰম শেষ কৰিব পাৰিব। তেওঁলোকক ৰাছিয়ালৈ স্বাগতম।

ক্লিক কৰি পঢ়কঃ সংঘত ল'ৰা ৰজা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in