/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/4a360711-3938-4fe0-94dc-30c0e00a6c53/Bikhekh_lekha.jpg)
সংঘত ল'ৰা ৰজা...
মৃদুল কুমাৰ সন্দিকৈ
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভিতৰচৰাত কি ঘটি থাকে সেয়া সাধাৰণ মানুহে নাজানে। এইবোৰ কথা নাজানে সংঘৰ প্ৰতি আনুগত্য় থকা ভকত, বৈষ্ণৱে। আঁতৰৰ পৰা তেওঁলোকৰ বাবে এই অনুষ্ঠান অতি শ্ৰদ্ধেয় আৰু পূজনীয়।
সংঘৰ ভিতৰচৰাত শেহতীয়াকৈ যি বিতৰ্কৰ ছুনামি উঠিছে সেই ঢৌৱে তৃণমূলৰ ভক্তগণ ৰাইজক শোকাহত কৰি তুলিছে। কিহৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘ গঠন কৰা হৈছিল? সেই প্ৰশ্নৰ উত্তৰ এতিয়া বিচাৰিবলৈ কাৰোৰেই যেন আজৰি নাই।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ হিচাপে প্ৰথম নেতৃত্ব দিছিল হলধৰ ভূঞাই। তাৰ পাছত ক্ৰমান্বয়ে গোপীকাবল্লভ গোস্বামী, হলিৰাম মহন্ত ঠাকুৰ, ডম্বৰুধৰ বৰুৱা, নীলমণি ফুকন, পীতম্বৰ দেৱগোস্বামী, গহন চন্দ্ৰ গোস্বামী, শশীচন্দ্ৰ বৰবৰুৱা, ডিম্বেশ্বৰ নেওগ, হৰমোহন দাস, তীৰ্থনাথ গোস্বামী, লক্ষ্যেশ্বৰ শইকীয়া, সোণাৰাম চুতীয়া, অচ্যুতকৃষ্ণ মিশ্ৰ, ঋষেশ্বৰ দলৈ, দীননাথ ডেকা, বিৰিঞ্চিকুমাৰ বাৰূৱতী, মোহন মহন্ত, কৰুণাকান্ত কলিতা, মুখ্যেশ্বৰ শইকীয়া, ৰজনীকান্ত দত্ত আদিয়ে পদাধিকাৰ হিচাপে দায়িত্ব সংঘক আগুৱাই নিছিল।
শ্ৰীমন্ত শংকৰদেৱ সংঘক প্ৰগতিশীল চিন্তাৰে এইসকলে আগবঢ়াই নিয়াৰ লগতে সংঘক সু-সংগঠিত কৰিবলৈ যথেষ্ট ত্যাগ স্বীকাৰ কৰিছিল। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি সংঘক সংগঠিত কৰিছিল কৰুণাকান্ত কলিতাই।
তেওঁৰেই চিন্তাৰ প্ৰতিফলণ আছিল শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়। মনিকাঞ্চণ প্ৰকাশ, আইমাতৃ সমাৰোহ আদিৰ আঁৰৰ মানুহজন আছিল কৰুণা কান্ত কলিতা। তেওঁক সহযোগ কৰিছিল সেই সময়ৰ সংঘৰ প্ৰধান সম্পাদক হৰিপ্ৰসাদ হাজৰিকাই।
এই দুয়োজন লোকৰ ত্যাগ আৰু কষ্টৰ বাবে সংঘই আজিৰ পৰ্যায়ত উপনীত হৈছে। হৰিপ্ৰসাদ হাজৰিকা এতিয়া সংঘত আছেনে? কৰুণাকান্ত কলিতাৰ স্মৃতিত সংঘৰ বৰ্তমানৰ নেতৃত্বই কিবা কৰিছেনে?
পদাধিকাৰ কৰুণকান্ত কলিতা সংঘৰ ভকত, বৈষ্ণৱৰ হৃদয়ত আজিও আছে। সংঘৰ পৰা আঁতৰাই পঠোৱা হ'ল প্ৰাক্তন প্ৰধান সম্পাদক হৰিপ্ৰসাদ হাজৰিকাক। কৰৰ সকাহ পাবৰ বাবে তেওঁ এখন ৰচীদ বহী ধনৰ পৰিমাণ লেখাত ইফাল-সিফাল কৰিছিল।
সেই সুযোগ এজনে গ্ৰহণ কৰিলে। সেই সাধাৰণ অপৰাধতে সংঘৰ পৰা তেওঁক বাহিৰ কৰি দিলে। অথচ একেজন মানুহেই বেংকত কৰ্মৰত হৈ থাকোতেই ৫০ লাখৰো অধিক টকা ইফাল সিফাল কৰি চাকৰিৰ পৰা খেদা-খোৱা জনৈক ঠাকুৰীয়াক আদৰি ল'লে।
পৰৱৰ্তী প্ৰধান সম্পাদক পাতিবলৈ প্ৰস্ততিও চলাইছে। কিয়নো তেওঁ এই বিশেষ ব্যক্তিজনৰ হাতৰ মুঠিৰ মানুহ। হৰিপ্ৰসাদ হাজৰিকাৰ উদ্যোগৰ বাবেই দোমৰদহত যথেষ্ট মাটি ক্ৰয় কৰি তাত সাংস্কৃতিক প্ৰকল্প গঢ়ি তোলাতো সম্ভৱ হ'ল।
কৰুণাকান্ত কলিতাৰ দিনতে গঠন কৰিছিল শিশু, আই-মাতৃ কল্যাণ সমিতি। যুৱক-যুৱতীসকলৰে সেৱা বাহিনী গঠন হৈছিল এই গৰাকী পদাধিকাৰৰ উদ্যোগতে। সহযোগ আছিল প্ৰধান সম্পাদক হৰিপ্ৰসাদ হাজৰিকাৰ।
সেই সকল মানুহকে সংঘৰ পৰা খেদি পঠিওৱা হ'ল। ষড়যন্ত্ৰমূলক ভাৱে এই কাম কৰা সকলেই কেৱল নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰিলে। আগতেটো সংঘত এনে হোৱা নাছিল। তৰুণ শইকীয়া, প্ৰফুল্ল বৰা আৰু এজনেৰে মুঠ ৩ জনীয়া এখন কমিটী সংঘৰ এখন গাড়ী নিলামৰ বাবে ব্যৱস্থা কৰিবলৈ গঠন কৰা হৈছিল।
তেওঁলোকে সেই প্ৰক্ৰিয়া আৰম্ভ কৰি দেখা পাই, সংঘৰ উক্ত গাড়ীখন এজন বিশেষ ব্যক্তিয়ে তেওঁৰ আত্মীয়ৰ নামত পঞ্জীয়ন কৰি থৈছে। এই অন্যায়ৰ কথা তেওঁলোকে মূল কাৰ্যনিৰ্বাহকত উত্থাপন কৰিলে।
গৃহস্থকে বাহিৰ কৰি চোৰে ঘৰ ৰখাৰ দৰেই অভিযুক্ত বিষয়ববীয়াজনে তেওঁৰ অনুগত্যৰ হতুৱাই অভিযোগ উত্থাপন কৰিলে যে, সংঘৰ হেনো পবিত্ৰতা, গোপনীয়তা তৰুণ শইকীয়াই ভংগ কৰিছে।
ফলাফল একেই। সংঘৰ পৰা আঁত কৰি দিয়া হ'ল তৰুণ শইকীয়াক। এয়া কি মইমতালি নহয়? এয়া কি সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাৰ একনায়কত্ববাদৰ উদাহৰণ নহয়?
এই উদাহৰণৰ তালিকা আৰু অনুৰূপ ঘটনা বহু ঘটি গৈছে সংঘৰ মজিয়াত। মনিকাঞ্চণৰ সম্পাদক আছিল মুনীন্দ্ৰ কুমাৰ দাস। বৰ্তমানৰ নেতৃত্বত থকা একেজন বিষয়ববীয়াই সন্দেহ কৰিছিল দাসক।
সেই সন্দেহেই কাল হ'ল। তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা বুলি ভাবি বজালী জিলাৰ প্ৰাথমিকৰ পৰা তেওঁৰ সদস্য পদ নবীকৰণেই কৰিবলৈ দিয়া নহ'ল। দাস থাকিছিল গুৱাহাটীত। সেই সময়ত তেওঁ মূলৰ সদস্যও আছিল।
যেতিয়া তেওঁ মূলৰ সদস্যৰূপে শপত গ্ৰহণ কৰিবলৈ আগবাঢ়িছিল তেওঁ প্ৰতিনিধিত্ব কৰা প্ৰাথমিকখনে তেওঁৰ সদস্যপদ নবীকৰণ কৰা নাই। লগে লগেই পূৰ্বৰ পৰিকল্পনা অনুসৰি সংঘৰ সংবিধানক দোহাই দি তেওঁক নতুন সংগী বুলি গণ্য কৰা হ'ল। এইবোৰ হৈ আছে সংঘৰ মজিয়াত। এইবোৰ কৰি আছে সংঘৰ ভিতৰচৰাত এচামে।
পংকজ দত্ত সংঘৰ যুটীয়া সম্পাদক আছিল। তেওঁ এটা পৰামৰ্শ দিছিল। আমেৰিকাৰ উদাহৰণ দি দুবাৰ ৰাষ্ট্ৰপতি হোৱাৰ পাছত জীৱনৰ বাবে আৰু তৃতীয়বাৰ কোনো প্ৰাৰ্থী ৰাষ্ট্ৰপতি হ'ব নোৱাৰে। একেই আৰ্হিত সংঘত নতুনক আদৰাৰ লক্ষ্যৰে চাৰি বছৰ পদবীত থকাৰ পাছত পুনৰ পদবীত থাকিব নোৱাৰা এক নীতিৰ পোষকতা কৰিছিল।
তাতেই ভুল হৈ গ'ল দত্তৰ। গুৱাহাটীত সেইবাৰ আয়োজন কৰা হৈছিল শিশু, আই-মাতৃ সমাৰোহ। বাজেট আছিল ৩৫ লাখ। সংগ্ৰহ হৈছিল ৩৮ লাখ টকা। ৰাহি হোৱা ধনৰ ৩ লাখৰো বেছি ধনৰ ২ লাখ ৭৫ হাজাৰ জিলা কমিটীৰ হাতত, ৯০ হাজাৰ টকা মূলক আই মাতৃ সমাৰোহ আয়োজন কৰা আদৰণি সমিতিয়ে চেক যোগে জমা দিছিল।
সেই সময়ৰ সম্পাদকে এই চেক গ্ৰহণ কৰি ধন্যবাদ পত্ৰও দিছিল। নিয়ম অনুসৰি ধনৰ হিচাপ হৈছিল। কিন্তু এজন ব্যক্তিৰ আক্ৰোশ পূৰণৰ বাবে পুনৰ হিচাপ কৰাৰ ব্যৱস্থা কৰা হ'ল। আদৰণি সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা পংকজ দত্তই পত্ৰ যোগে জনালে যে, এবাৰ অডিট হৈ যোৱাৰ পাছত জমা ধনৰ চেক গ্ৰহণ কৰি ধন্যবাদ পত্ৰ দিয়াৰ পাছত সংবিধান অনুসৰিয়েই দ্বিতীয়বাৰ অডিট কৰিব নোৱাৰে। এয়া অপমান জনক।
পত্ৰযোগে প্ৰধান সম্পাদক বাবুল বৰাই এটা নিৰ্দিষ্ট সময় ধৰি দিলে। পংকজ দত্তয়ো পত্ৰ লিখি ক'লে আক্ৰোশমূলক ভাৱে তেনে কৰিলে তেওঁ ন্যায় ব্যৱস্থাৰ কাষ চাপিব। সংঘৰ মজিয়াত বাবুল বৰাই পত্ৰৰ এই অংশ পঢ়ি দিলে। চিঠি দিলে সংঘৰ নিয়ম অমান্য কৰাৰ বাবে তেওঁক এঘৰীয়া কৰা হ'ব।
পংকজ দত্ত ন্যায়ালয়ৰ কাষ চাপিল। যদি ধনৰ হিচাপত কিবা গণ্ডগোল হৈছিল তেনেহ'লে আদৰণি সমিতিৰ সভাপতি বা আন বিষববীয়াক ৰেহাই দি কেৱল সাধাৰণ সম্পাদকক কিয় লক্ষ্য কৰি লোৱা হ'ল?
এইবোৰ প্ৰশ্ন জানো কাললৈ ৰৈ নাযাব? ৰঙিয়াৰ এজন প্ৰাক্তন অধ্যাপক খগেন তালুকদাৰ। পূব কামৰূপ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক। মনিকাঞ্চণৰ সম্পাদকো আছিল।
তেওঁক সংঘৰ মজিয়াত অপদস্ত কৰা হ'ল মুকলিকৈ। মনিকাঞ্চণ ছপাৰ নামত অত্যাধিক ধন লোৱাৰ অভিযোগ তুলি সংঘৰ পৰা খেদা হ'ল। কাৰণ তেওঁক বেয়া পাই সেই বিশেষ ব্যক্তিয়ে।
কেন্দ্ৰীয় সেৱা বাহিনীৰ মুখ্য অধিনায়ক আছিল দীপজ্যোতি চহৰীয়া। সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী হিচাপে তৰুণ গগৈ আছিল। দ্বীপজ্যোতি চহৰীয়াৰ উদ্যোগত সংঘৰ নামঘৰ সমূহক কিছু সাহায্য দিয়াৰ পৰিকল্পনা কৰা হৈছিল।
গঠন কৰা হৈছিল এখন ন্য়াস। সেই ন্যাসৰ অধ্যক্ষ আৰু আন এক গুৰুত্বপূৰ্ণ দায়িত্বত আছিল দীপজ্যোতি চহৰীয়া। পদাধিকাৰে তাত অনুমোদনো জনাইছিল। প্ৰধান সম্পাদকে প্ৰশ্ন তুলিলে- এই পদটো তেওঁ কেনেকৈ পাব? মইহে পাব লাগে বুলি সংঘাত আৰম্ভ হ'ল।
শেষ পৰিণতিত সংঘ এৰি গুছি যাব লগা হ'ল দীপজ্যোতি চহৰীয়া। তেনে পৰিস্থিতি কৰা হ'ল। আনকি তেওঁৰ পৰিয়ালটোকেই সংঘৰ পৰা বাহিৰ কৰি দিলে। এয়া কেনে ন্যায়? আজি চহৰীয়া বা আন এজনৰ বিৰুদ্ধে হৈছে। কাইলৈ সংঘৰ হৈ নিষ্ঠাৰে কাম কৰি থকা আন কাৰোবাৰ সৈতে নহ'বনে?
ড০ ইন্দিৰা শইকীয়া বৰাৰ ভুল কি আছিল? সংঘৰ বাবে তেওঁ কি কৰা নাছিল? প্ৰাগজ্যোতিষপুৰ কলেজৰ সাংস্কৃতিক বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকাগৰাকীক শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত নিযুক্তি দিয়া হৈছিল।
সকলোৰে আঙুলিৰ ইছাৰাত নচুৱাব খোজা জনে তেওঁকো নচুৱাব খুজিছিল। কিন্তু তেওঁৰ ব্যক্তিত্ব তেনে নাছিল। পৰিণতিত চাকৰি এৰি দিবলগা পৰিস্থিতিৰ সৃষ্টি কৰা হ'ল। আই, মাতৃসকলৰ বাবে প্ৰকাশ কৰা মহীয়সী নামৰ পত্ৰিকাখনৰ তেওঁ ১০ বছৰ কালৰ সম্পাদক আছিল।
এইবোৰ উদাহৰণ তথ্যগত ভাৱে দিয়া হৈছে। সংবিধানক দোহাই দি নিজৰ সুবিধামতে কথা কোৱা সকলক তৈল মৰ্দন কৰিলে সাত খুন মাফ হৈ যাব। তেনে এচাম লোকৰ হাতত এতিয়া সংঘ। আদৰ্শৰ কথা মুখত কয়। একেটা নামঘৰকে দুটা নামঘৰকে দুটা বুলি দেখুৱাই চৰকাৰী অনুদান লোৱাৰ অভিযোগ কাৰ বিৰুদ্ধে আছে?
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সৈতে কোনো জাতি, জনগোষ্ঠীৰ সংঘাত কেতিয়াও থাকিবই নোৱাৰে। সংঘ আৰু অসংঘৰ লোকৰ মাজত পাৰস্পৰিক বুজাবুজিৰ এক সম্পৰ্ক আৰু এক পৰিৱেশ থাকিবই লাগিব। কি আদৰ্শ কোনো মানে সেয়া নিজস্ব বিষয়।
আহোম জনগোষ্ঠীৰ ওচৰত পদাধিকাৰ কমলাকান্ত গগৈয়ে ক্ষমা বিচৰা বিষয়টো লৈ সংঘৰ মজিয়াত এতিয়া কোনো চাবি পকাইছে? যদি পদাধিকাৰ গগৈক এই পদৰ পৰা অপসাৰণ কৰা হয় তেনে ইয়াৰ প্ৰতিক্ৰিয়া কি হ'ব পাৰে সেয়াও বিচাৰ্য বিষয় হ'ব।
সংঘলৈ মানুহক আদৰাৰ সলনি, কোনো কোনৱে সাম্ভাৱ্য নেতৃত্ব ল'ব পৰা সকলক অংগক্ষত কৰি গৈছে। তেওঁলোকে নিজকে শ্ৰীমন্ত শংকৰদেৱ সংঘত ল'ৰা ৰজা ৰূপত প্ৰতিষ্ঠা কৰা নাইনে?
তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহৰ বিষয়ে বিচাৰ কেতিয়া হ'ব ? কাৰাগাৰ গমণ কৰিও পদাধিকাৰ আসন শুৱনি কৰিব পৰাৰ ব্যৱস্থা সংবিধানে দিছেনে ? শ্ৰীমন্ত শংকৰদেৱ সংঘত যি হৈ আছে, যি ঘটি আছে সেই কথাবোৰ লাখ লাখ ভকত, বৈষ্ণৱে এদিন অনুধাৱন নকৰিবনে?
ক্লিক কৰি পঢ়কঃ দেশীয় সুৰাৰ ৰাগীত মতলীয়া বন্যহস্তী...