কংগ্ৰেছৰ 'ভাৰত জোড়ো যাত্ৰা'ত মোধা পাটকাৰ, গুজৰাটৰ মুখ্যমন্ত্ৰীৰ কটাক্ষ

গুজৰাট বিধানসভা নিৰ্বাচন সমাগত। গুজৰাট বিধানসভা নিৰ্বাচন ২০২২ ক লৈ বিজেপি আৰু কংগ্ৰেছৰ মাজত ৰাজনৈতিক বাত বিতণ্ডা অব্যাহত আছে।

author-image
Asomiya Pratidin
New Update
কংগ্ৰেছৰ 'ভাৰত জোড়ো যাত্ৰা'ত মোধা পাটকাৰ, গুজৰাটৰ মুখ্যমন্ত্ৰীৰ  কটাক্ষ

ডিজিটেল ডেস্ক: গুজৰাট বিধানসভা নিৰ্বাচন সমাগত। গুজৰাট বিধানসভা নিৰ্বাচন ২০২২ ক লৈ বিজেপি আৰু কংগ্ৰেছৰ মাজত ৰাজনৈতিক বাত বিতণ্ডা অব্যাহত আছে।

Advertisment

ইয়াৰ মাজতে কংগ্ৰেছৰ 'ভাৰত জোড়ো যাত্ৰা'ত সমাজকৰ্মী মেধা পাটকাৰে অংশ গ্ৰহণ কৰাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে।

উল্লেখ্য যে, দুদিন পূৰ্বে ভাৰত জোড়ো যাত্ৰা মহাৰাষ্ট্ৰৰ ৱাছিমত উপস্থিত হৈছিল। তাত ৰাহুল গান্ধীয়ে এখন ৰাজহুৱা সভা সম্বোধন কৰিছিল আৰু মেধা পাটকাৰো ইয়াত জড়িত আছিল।

এই সন্দৰ্ভত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে টুইট কৰি কয় যে , "কংগ্ৰেছ আৰু ৰাহুল গান্ধীয়ে বাৰে বাৰে গুজৰাট আৰু গুজৰাটীসকলৰ প্ৰতি তেওঁলোকৰ শত্ৰুতা প্ৰদৰ্শন কৰিছে। মেধা পাটকাৰক তেওঁৰ ভাৰত জোড়ো যাত্ৰাত মুখ্য স্থান প্ৰদান কৰি ৰাহুল গান্ধীয়ে দেখুৱাইছে যে তেওঁ সেই সকলৰ লগত জড়িত আছে যিয়ে কেইবা দশক ধৰি গুজৰাটী সকলক পানীৰ পৰা বঞ্চিত কৰিছিল। গুজৰাটে ইয়াক সহ্য নকৰিব।"

উল্লেখ্য যে, ৰাহুল গান্ধীৰ নেতৃত্বত সমগ্ৰ দেশতে চলি আছে ভাৰত জোড়ো যাত্ৰা। অন্যহাতে এই সময়ত গুজৰাটত তীব্ৰ গতিত চলি আছে নিৰ্বাচনী প্ৰচাৰ। লগতে ৰাজনৈতিক দল সমূবৰ মাজতো চলি আছে তৰ্কযুদ্ধ।

আৰু পঢ়ক: অৰুণাচল প্ৰদেশত প্ৰধানমন্ত্ৰী মোডীয় উদ্বোধন কৰিব ডোনী পলো বিমান বন্দৰৰ

rahul gandhi gujarat congress Medha Patkar