নাই শীতৰ প্ৰকোপ, কুঁৱলীৰ বগা আস্বাদন ! বতৰ বিজ্ঞান কেন্দ্ৰৰ ভয়ংকৰ তথ্য...

নাই শীতৰ প্ৰকোপ, কুঁৱলীৰ বগা আস্বাদন ! বতৰ বিজ্ঞান কেন্দ্ৰৰ ভয়ংকৰ তথ্য
নাই শীতৰ প্ৰকোপ, কুঁৱলীৰ বগা আস্বাদন ! বতৰ বিজ্ঞান কেন্দ্ৰৰ ভয়ংকৰ তথ্য

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ ভয়ংকৰ তথ্য। ডিচেম্বৰ নহয়, জানুৱাৰী আৰু ফেব্ৰুৱৰীতো পূৰ্বৰ দৰে নাহে শীত। নাহে হাড় কপোৱা জাৰ। দেশজুৰি  হ্ৰাস পাইছে শীতৰ প্ৰকোপ।

অৱশ্যে তাৰ মাজতে কেদাৰনাথত শীতৰ প্ৰকোপত পানী বোৰ বৰফ হ'বলৈ আৰম্ভ কৰিছে। ঠায়ে ঠায়ে শীত আহিছে। কিন্তু দেশৰ অধিকাংশ ঠাইতে নাই শীতৰ প্ৰকোপ।

দেশৰ ৰাজধানী দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলত তাপমাত্ৰা কিছু হ্ৰাস পাইছে। আই এম ডিয়ে পৰৱৰ্তী তিনি মাহৰ বাবে বতৰৰ আগলি বতাৰ প্ৰকাশ কৰিছে।

বতৰ বিজ্ঞান বিভাগৰ মতে,  এইবাৰ ২০২২ৰ ডিচেম্বৰৰ পৰা ২০২৩ ৰ ফেব্ৰুৱাৰীলৈ  পশ্চিম উত্তৰ আৰু উত্তৰ-পূব ভাৰতত ঠাণ্ডাৰ সামান্যহে প্ৰভাৱ পৰিব।বতৰ বিজ্ঞান বিভাগে কৈছে, উত্তৰ-পশ্চিম ভাৰতৰ বহু ঠাইত শীতকালত তাপমাত্ৰা স্বাভাৱিকতকৈ অধিক হোৱাৰ সম্ভাৱনাই অধিক।

বতৰ বিজ্ঞান বিভাগৰ মুৰব্বী মৃত্যুঞ্জয় মহাপত্ৰৰ মতে, এই সময়ছোৱাত দৈনন্দিন ভিত্তিত তাপমাত্ৰা পৃথক হ'ব পাৰে। আগন্তুক শীতকালত ভাৰতৰ বহু ঠাই আৰু মধ্য ভাৰতৰ কিছু অংশ আৰু উত্তৰ-পশ্চিম ভাৰতৰ বিভিন্ন অংশত তাপমাত্ৰা স্বাভাৱিকতকৈ অলপ বেছি হোৱাৰ সম্ভাৱনাই অধিক।

উত্তৰ-পশ্চিম আৰু উত্তৰ-পূব ভাৰতৰ বেছিভাগ অঞ্চলত তাপমাত্ৰা স্বাভাৱিক আৰু স্বাভাৱিকতকৈ অলপ বেছি হোৱাৰ সম্ভাৱনা আছে।

 ক্লিক কৰি পঢ়কঃ দুৰ্ঘটনাত হাত ভাঙিল জুবিনৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in