দুৰ্ঘটনাত হাত ভাঙিল জুবিনৰ...

দুৰ্ঘটনাত হাত ভাঙিল জুবিনৰ

author-image
Asomiya Pratidin
New Update
দুৰ্ঘটনাত হাত ভাঙিল জুবিনৰ...

দুৰ্ঘটনাত হাত ভাঙিল জুবিনৰ...

ডিজিটেল ডেস্কঃ গুৰুতৰ ভাৱে আহত জুবিন নটিয়াল। বলিউডৰ জনপ্ৰিয় সংগীত শিল্পীগৰাকী এক দুৰ্ঘটনাত আহত হৈছে। প্ৰকাশিত খবৰ মতে সংগীত শিল্পী জুবিন ন’টিয়াল বৃহস্পতিবাৰে নিজৰ ঘৰৰ চিৰিৰ পৰা বাগৰি পৰাৰ ফলত গুৰুতৰ ভাৱে আহত হৈছে।

Advertisment

এই দুৰ্ঘটনাৰ পিছতে তেওঁক ভৰ্তি কৰোৱা হৈছে মুম্বাইৰ এখ হাস্পতালত। প্ৰকাশিত খবৰ মতে এই দুৰ্ঘটনাৰ ফলত জুবিনৰ এখন হাত ভাঙিছে। ইয়াৰোপৰি তেওঁ কঁকাল, মূৰ আৰু কপালতো আঘাত পাইছে।

হাস্পতাল কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে জুবিনে আঘাতপোৱা সোঁহাতখনৰ অস্ত্ৰোপচাৰ কৰা হ’ব। উল্লেখযোগ্য যে, বৃহস্পতিবাৰে এটা নতুন গীতৰ উন্মোচনী অনুষ্ঠানত জুবিন ন’টিয়াল আৰু শ্ৰীলংকাৰ কণ্ঠশিল্পী য়োহানীক একেলগে দেখা গৈছিল। ইয়াৰ পিছতে আঘাতপ্ৰাপ্ত হৈছিল জুবিন।

ক্লিক কৰি পঢ়কঃ স্বামীৰ অকথ্য নিৰ্যাতন সহিব নোৱাৰি কন্যাৰ সৈতে চিপ ল'লে মহিলাই.

জুবিন নটিয়াল