মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মহানন্দ বৰাক শিক্ষা প্ৰভাকৰ বঁটা প্ৰদান

মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মহানন্দ বৰাক শিক্ষা প্ৰভাকৰ বঁটা প্ৰদান

ডিজিটেল সংবাদ, মায়ংঃ মৰিগাঁও জিলাৰ মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মহানন্দ বৰাক মঙ্গলবাৰে বিদায়ৰ মূহুৰ্তত অঞ্চলটোৰ বিভিন্ন দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়া সকলৰ সন্মুখত প্ৰদান কৰা হয় শিক্ষা প্ৰভাকৰ বঁটা। মায়ং গ্ৰাম্য সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰৰ লগতে মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা মহানন্দ বৰাৰ কৰ্মৰাজিৰ বাবে আজি বিদায় সম্ভাষণ সভাতে বঁটা প্ৰদান কৰি আপ্লুত হৈ পৰে আয়োজকসকল।

উল্লেখযোগ্য যে ২০১৯ বৰ্ষৰ ৫ মাৰ্চত ডিমৰীয়া মহাবিদ্যালয়ৰ পৰা আহি মায়ং আঞ্চলিক মহাবিদ্যালয়ত অধ্যক্ষ হিচাপে যোগদান কৰিছিল দুৰদৰ্শী চিন্তাৰ অধিকাৰী ড০ মহানন্দ বৰাই। তেখেতৰ অক্লান্ত পৰিশ্ৰম আৰু গতিশীল নেতৃত্বত মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকলৰ সহযোগত যোৱা বছৰ মায়ং আঞ্চলিক মহাবিদ্যালয়খনে নাকৰ প্ৰথম পৰিদৰ্শনতে এ+ গ্ৰেড লাভ কৰিব লৈ সক্ষম হয়।

উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে এখন আগশাৰীৰ মহাবিদ্যালয় হিচাপে গঢ়ি তুলিবলৈ সক্ষম হোৱা মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰতি ঐতিহাসিক মায়ং অঞ্চলৰ ৰাইজৰ আছে অত্যাধিক মৰম আৰু ভালপোৱা। সেয়ে চৰকাৰী নীতি নিয়ম মতে পাচ বছৰ মায়ং আঞ্চলিক মহাবিদ্যালয়ত অধ্যক্ষ হিচাপে থাকি আজি তেখেতৰ কাৰ্যকালৰ অন্তিমটো দিনত আনুষ্ঠানিক ভাবে বিদায় লয়। এই উপলক্ষে মহাবিদ্যালয় পৰিচালনা সমিতি, প্ৰাক্তন ছাত্ৰ সন্মিলন আৰু শিক্ষক গোটৰ ফালৰ পৰা বিদায়ৰ মূহুৰ্তত অধ্যক্ষ ড০ মহানন্দ বৰাক সম্ভাষণ জনাবলৈ সভাগৃহত এখন গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত কৰে।

বিশিষ্ট সমাজ কৰ্মী প্ৰফুল্ল ভূঞাৰ সভাপতিত্বত আৰু অধ্যাপক ড০ উৎপল নাথে আঁতধৰা সভা খনত বিভিন্ন দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা সম্ভাষণ জনোৱা হয়। ঐতিহাসিক মায়ঙৰ পৰম্পৰাগত ৰজা তৰনিকান্ত সিংহ কোৱৰ,পবিতৰা অভয়াৰণ্যৰ প্ৰাক্তন বনাঞ্চলিক বিষয়া মুকুল তামুলী, প্ৰতিষ্ঠাপক অধ্যক্ষ ড০ ফনিভূষন নাথ,মায়ং গ্ৰাম্য সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰ, মায়ং উন্নয়ন সমিতি,মায়ং শাখা সাহিত্য সভা,মায়ং আঞ্চলিক ক্ৰীড়া সন্থা,প্ৰাক্তন ছাত্ৰ সন্মিলন,চন্দ্ৰপুৰ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিষ্ণুৰাম বড়ো, শিক্ষক গোট,ছাত্ৰ একতা সভা, হোষ্টেলৰ আৱাসী সকল, ৰজা মায়ং বিহু উদযাপন সমিতি,অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মিহিৰ হাজৰিকা, শিক্ষাবিদ ধীৰাজ দাস,অৱসৰপ্ৰাপ্ত শিক্ষক তিলক হাজৰিকা,অনিল সৰকাৰ, প্ৰধান শিক্ষক মুকুত বিষয়া,সমাজ কৰ্মী দিপন কাঠাৰ,লোক সংস্কৃতিৰ গৱেষক লোকেন্দ্ৰ হাজৰিকা, জি এন বি মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী ৰেণু প্ৰভা লস্কৰ মেধি, সমাজ কৰ্মী ৰামচৰণ শইকীয়া, বুদ্ধেশ্বৰ নাথ, পৰিচালনা সমিতিৰ সভাপতি ৰবিধৰ নাথ,বীৰেশ্বৰ কেলেং,অধিবক্তা ভৰত বিষয়া,আম আদমী পাৰ্টিৰ মুখপাত্ৰ মনিৰত্ন ডেকা,সাংবাদিক নজৰুল ইছলামকে ধৰি বিভিন্ন ব্যক্তি,বহু সংখ্যক প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ মুৰব্বী সকলে বিদায়ী অধ্যক্ষ ড০ মহানন্দ বৰাক গামোচা,চেলেং চাদৰ ,জাপি,শৰাই,ফুলৰ থোপা আৰু সম্বৰ্ধনা পত্ৰৰে উষ্ণ সম্ভাষণ জনাই।

মহানন্দ বৰাই তেখেতৰ কাৰ্যকালত মহাবিদ্যালয় খনৰ আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হয়।সভাৰ আৰম্ভনীতে অধ্যাপক তথা লেখক ড০ উৎপল নাথে বিদায়ৰ মূহুৰ্তত কৰ্মপটু ড০ মহানন্দ বৰাৰ কৰ্মৰাজি,সুদক্ষ পৰিচালনা,গতিশীল নেতৃত্ব, দুৰদৰ্শী চিন্তাৰ ওপৰত লিখি উলিওৱা এটি বন্দনা সূচক সমবেত সংগীত পৰিবেশন কৰে ৰজা মায়ঙৰ দেৰ কুৰি মহিলাই। আজি নতুন অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰা ড০ ৰঞ্জিত কলিতাক মহাবিদ্যালয়ৰ পৰিচালনা সমিতি আৰু একাংশ শুভাকাংক্ষীৰ সন্মুখতে আনুষ্ঠানিক ভাবে অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰে।আজি বিদায় সম্ভাষণ সভাত উপস্থিত থাকে মহানন্দ বৰাৰ সুযোগ্য পত্নী আৰু পুত্ৰ।

মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মহানন্দ বৰাক শিক্ষা প্ৰভাকৰ বঁটা প্ৰদান
সুদখোৰৰ বিৰুদ্ধে সৰব অসম সংখ্যালঘু উন্নয়ন পৰিষদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in