ডিজিটেল সংবাদ,নগাঁওঃ সুদখোৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰা অভিযানক ভূয়সী প্ৰশংসা সংখ্যালঘু উন্নয়ন পৰিষদৰ।নগাঁও জিলাৰ ৫০০ কৈয়ো অধিক সুদখোৰৰ তালিকা প্ৰস্তুত কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত দাখিল কৰে সংগঠনটোৱে। উক্ত তালিকাত নাম থকা সুদখোৰ বোৰে নগাঁৱৰ বিভিন্ন লোকক সুদলৈ টকা দি ১০ৰ পৰা ২০ শতাংশ পৰ্যন্ত সুদ লোৱাৰ উপৰিও মানসিকভাবে হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে। ইয়াৰ পূৰ্বেও সংগঠনটোৱে জিলা আয়ুক্তৰ কাৰ্যালয়ত দাখিল কৰিছিল আন এখন সুদখোৰৰ নাম সন্নিৱিষ্ট তালিকা।
নগাঁও আৰক্ষীক এই সুদখোৰ সমূহৰ বিৰুদ্ধে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী সংখ্যালঘু উন্নয়ন পৰিষদৰ। কিন্তু বৰ্তমান এনে সুদখোৰৰ তালিকা আৰক্ষীক দাখিল কৰি বিপদত পৰিছে সংখ্যালঘু উন্নয়ন পৰিষদৰ নেতৃত্ব। সুদখোৰে ভাবুকি আনিছে তেওঁলোকৰ জীৱনলৈ। পৰৱৰ্তী পৰ্যায়তো সংখ্যালঘু উন্নয়ন পৰিষদে সুদখোৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব বুলি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে সংখ্যালঘু উন্নয়ন পৰিষদৰ।
Also Read: চৰাইদেউত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ আধাৰশিলা স্থাপন