চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰঃ একেলগে লাভ কৰিব ৪ দিন ছুটি...

চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰঃ একেলগে লাভ কৰিব ৪ দিন ছুটি...

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে অসম চৰকাৰৰ এক বিশেষ সুবিধা। মাতৃ-পিতৃ বন্দনাৰ বাবে কৰ্মচাৰীসকলে লাভ কৰিব দুটাকৈ দিন বন্ধ।

২০২৩ চনৰ বাবে এই বন্ধ নিৰ্ধাৰণ কৰা হৈছে ৯ ফেব্ৰুৱাৰী আৰু ১০ ফেব্ৰুৱাৰী। ইয়াৰে ৯ ফেব্ৰুৱাৰী বৃহস্পতি আৰু ১০ ফেব্ৰুৱাৰী শুকুৰবাৰ। আনহাতে আকৌ ২০২৩ বৰ্ষৰ ১১ ফেব্ৰুৱাৰী দ্বিতীয় শনিবাৰ আৰু ১২ ফেব্ৰুৱাৰী দেওবাৰ।

সেয়েহে মাতৃ-পিতৃ বন্দনা আঁচনিৰ সুবিধা লাভ কৰা কৰ্মচাৰীসকলে দ্বিতীয় শনিবাৰ আৰু দেওবাৰ মিলাই মুঠ ৪ দিন বন্ধৰ সুবিধা লাভ কৰিব। একেলগে এই ৪ দিন বন্ধৰ সুবিধা ল'বৰ বাবে অৱশ্যে চৰকাৰী কৰ্মচাৰীসকলে আৱেদন কৰিব লাগিব।

ইয়াৰ বাবে অসম চৰকাৰে এক পৰ্টেল মুকলি কৰিছে। অসম চৰকাৰৰ এক নিৰ্দেশনা অনুসৰি পূৰ্বেই মাতৃ-পিতৃ জীৱিত থকা চৰকাৰী কৰ্মচাৰীসকলে এই বন্ধ উপভোগ কৰিবলৈ আৱেদন কৰিব লাগিব।

আৱেদন কৰিবলৈ কৰ্মচাৰীসকলে https://matripitrivandana.assam.gov.in এই লিংকত ক্লিক কৰিব পাৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in