বদলি অথবা পদোন্নতি বিচাৰি আৰ্জি প্ৰেৰণ নকৰিব- দিছপুৰৰ নিৰ্দেশ...
বদলি অথবা পদোন্নতি বিচাৰি আৰ্জি প্ৰেৰণ নকৰিব- দিছপুৰৰ নিৰ্দেশ...DISPUR

বদলি বিচাৰি আৰ্জি প্ৰেৰণ নকৰিব- দিছপুৰৰ নিৰ্দেশ...

ডিজিটেল ডেস্কঃ বদলি বিচাৰি দিছপুৰত বৃদ্ধি পাইছে চক্ৰ বিষয়াৰ আৰ্জি। একেটা স্থানতে দীৰ্ঘ সময়ৰ বাবে চাকৰি কৰিবলৈ অসুবিধা পোৱা এইসকল চক্ৰ বিষয়াক লাগে সুবিধাজনক স্থানত চাকৰি কৰাৰ সোৱাদ।

কিন্তু এইসকল চক্ৰ বিষয়াৰ আশাত চেঁচাপানী ঢালিলে দিছপুৰৰ পৰা প্ৰেৰণ কৰা এক নিৰ্দেশনাই। ৰেভিনিউ এণ্ড ডি এম (এল আৰ) বিভাগৰ পৰা RDM-11/72/2022-LR-REV/41 নম্বৰৰ নিৰ্দেশনাৰ জৰিয়তে বদলি অথবা পদোন্নতিৰ বিষয়ে আৰ্জি প্ৰেৰণ নকৰিবলৈ কোৱা হৈছে।

উল্লেখ্য যে এই নিৰ্দেশনাটোত কোৱা হৈছে, চক্ৰ বিষয়াসকলৰ পৰা বহু সংখ্যক আৱেদন লাভ কৰা হৈছে য'ত তেওঁলোকৰ বদলিকৰণৰ আৰ্জি প্ৰেৰণ কৰা হৈছে।

এইসকল চক্ৰ বিষয়াক উদ্দেশ্য কৰি দিছপুৰে প্ৰেৰণ কৰা পত্ৰখনত সোঁৱৰাই দিয়া হৈছে যে, মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ কাঢ়া নিৰ্দেশ, ২ বছৰ দায়িত্ব সম্পূৰ্ণ নকৰালৈকে কোনো চক্ৰ বিষয়াকে বদলি বা পদোন্নতি দিয়া নহ'ব।

৯ এপ্ৰিল ২০২২ তে PR.SECY/CMO/07/2021/94 পত্ৰৰ জৰিয়তে মুখ্যমন্ত্ৰী কাৰ্যালয়ে এই বিষয়ে অৱগত কৰি থৈছে। সেয়ে চক্ৰ বিষয়াসকলক ২ বছৰ সম্পূৰ্ণ নোহোৱালৈকে বদলি অথবা পদোন্নতিৰ আৰ্জি প্ৰেৰণ নকৰিবলৈ কোৱা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in