মথুৰাপুৰ উঃ মাঃ বিদ্যালয়ৰ গৌৰৱোজ্জল মহাৰজত জয়ন্তীৰ প্ৰস্তুতি

মথুৰাপুৰ উঃ মাঃ বিদ্যালয়ৰ গৌৰৱোজ্জল মহাৰজত জয়ন্তীৰ প্ৰস্তুতি
মথুৰাপুৰ উঃ মাঃ বিদ্যালয়ৰ গৌৰৱোজ্জল মহাৰজত জয়ন্তীৰ প্ৰস্তুতি

ডিজিটেল সংবাদ,মথুৰাপুৰঃ অহা ২২ আৰু ২৩ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱোজ্জল মহাৰজত জয়ন্তীৰ প্ৰস্ততি ইতিমধ্যে মূল মণ্ডপৰ লগতে বিভিন্ন কাম-কাজৰ ৯০ শতাংশ আগবাঢ়িছে উদযাপন সমিতিয়ে জানিবলৈ দিয়ে। ১৯৪৭ চনৰ ২০ আগষ্টত গঢ় লৈ উঠা ঐতিহ্যমণ্ডিত মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে সগৌৰৱে মহাৰজত জয়ন্তী বৰ্ষত সোমোৱাৰ পৰিপ্ৰেক্ষিতত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক-কৰ্মচাৰী, মথুৰাপুৰ অঞ্চলৰ সমূহ ৰাইজ একত্ৰিত হৈ আগন্তুক ২২ আৰু ২৩ জানুৱাৰীত উদযাপন কৰাৰ প্ৰস্তুতি চলাই আছে।

উল্লেখযোগ্য যে নিজে পঢ়ি যোৱা বিদ্যালয়খনৰ প্ৰতি থকা অকুণ্ঠ মৰম আৰু সদিচ্ছাৰ বাবেই একাংশ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে নিজে উদ্যোগ লৈ বিদ্যালয়খনৰ বাবে আগবাঢ়ি ওলাই আহিছে। বিদ্যালয়খনৰ ১৯৮৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অবতীৰ্ণ হোৱা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলে মিলি নিজৰ উপাৰ্জনৰ অংশৰে বিদ্যালয়ৰ চৌহদত নিৰ্মাণ কৰিছে প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত প্ৰফুল্ল চন্দ্ৰ বৰঠাকুৰৰ আবক্ষ মূৰ্তিৰ স্তম্ভ বেদী।

১৯৭৯ বৰ্ষৰ একাংশ প্ৰাক্তন ছাত্ৰই স্থায়ীকৈ এটা স্মৃতি সৌধ আৰু ১৯৯৪ বৰ্ষৰ ৪ গৰাকী প্ৰাক্তন ছাত্ৰই মিলি সম্পূৰ্ণ নিজা খৰছত স্থায়ীভাৱে পতাকা বেদী সাজি উলিয়াইছে।আনহাতে প্ৰফুল্ল চন্দ্ৰ বৰঠাকুৰৰ পৰিয়ালবৰ্গই তেওঁৰ আবক্ষ মূৰ্তি আগবঢ়াইছে। প্ৰস্তুতি সম্পৰ্কে বৃহস্পতিবাৰে উদযাপন সমিতি আৰু উপ-সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয় আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা আৰু সিদ্ধান্ত গ্ৰহণ কৰা হয়।

আনহাতে পথৰ দুয়োকাষে বিভিন্ন দল সংগঠনৰ দ্বাৰা তোৰণ নিৰ্মাণ ,বিদ্যালয়ৰ চৌহদ সজাই তুলিবৰ বাবে বিভিন্ন কাম-কাজৰ কৰি আছে। ইফালে সাংস্কৃতিক অনুষ্ঠানৰ বাবে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে আখৰা চলাই থকা বুলি জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in