বিপিএফৰ সৈতে মিত্ৰতা কৰিবলৈ ইচ্ছুক গণ সুৰক্ষা পাৰ্টী

বিপিএফৰ সৈতে মিত্ৰতা কৰিবলৈ ইচ্ছুক গণ সুৰক্ষা পাৰ্টী
Published on
Updated on

ডিজিটেল সংবাদ, বাক্সা: সোমবাৰে বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী থমনাত ৰাজনৈতিক দল গণ সুৰক্ষা পাৰ্টী চমুকৈ জিএছপিয়ে অনুষ্ঠিত কৰে বিশাল জনজাগৰণ সভা। সকলো শ্ৰেণীৰ ৰাইজক একত্ৰিত কৰি আগন্তুক বিটিচি নিৰ্বাচনত কেনেদৰে খোজ দিব তাকে লৈ অনুষ্ঠিত হয় উক্ত সভাখন। সভাত উপস্থিত থাকি গণ সুৰক্ষা পাৰ্টীৰ প্ৰাক্তন সভাপতি তথা কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়াই কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

তেওঁ কয় যে, বিটিআৰত হাগ্ৰামা মহিলাৰীৰ বিকল্প নাই। হাগ্ৰামা মহিলাৰী এতিয়া ৰাজনীতিত প্ৰাপ্তবয়স্ক হৈছে। তেওঁৰ সৈতে আমি গণ সুৰক্ষা পাৰ্টী মিলিত হ'বলৈ সাজু । জিএছপি-বিপিএফৰ মিত্ৰতা হ'লে বিটিআৰত সকলো শ্ৰেণীৰ উন্নয়ন হ'ব। লগতে তেওঁ কয় যে, আমি পূৰ্বে ইউপিপিএলৰ লগত আছিলো যদিও প্ৰমোদ বড়োৰ দিনত বহু কেলেংকাৰী হৈছে। এতিয়া যদি আমি জিএছপি-বিপিএফ মিলিত হও তেন্তে আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত আমি ২০খনতকৈ অধিক আসন লাভ কৰি জয়ী হ'ব পাৰিম।

ইফালে গণ সুৰক্ষা পাৰ্টীৰ একমাত্ৰ এম.চি.এল.এ ঘনশ্যাম দাসে কয় যে, আমাক এক প্ৰকাৰ আটক কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰমোদ বড়োৱে চৰকাৰৰ অংশীদাৰ কৰিছিল। কিন্তু মোৰ বলতে চৰকাৰ গঠন কৰি মোৰেই কাৰ্যবাহী সদস্য পদ কৰ্তন কৰিলে, এয়া চৰম বিশ্বাসঘাটকতা। মোক সেইকেইটা দিন ক'ত লুকাই ৰাখিলে মই ধৰিবই নোৱাৰিলো। কিন্তু এতিয়া মোৰ দৰকাৰ নোহোৱা হ'ল। সেয়ে আমি পণ লৈছো বিপিএফৰ সৈতে আলোচনাৰ মাজেৰে আগবাঢ়িম।

বিপিএফৰ সৈতে মিত্ৰতা কৰিবলৈ ইচ্ছুক গণ সুৰক্ষা পাৰ্টী
এবিএমছুৰ প্ৰাক্তন সভাপতি ছিদ্দিক আলি তালুকদাৰক বহিষ্কাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in