/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-09/ij63sjyu/AP FOR WEB  kokrajhar.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ: সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ কাৰ্যনিৰ্বাহক সদস্য তথা পৰ্বতঝোৰা জিলা এবিএমছুৰ প্ৰাক্তন সভাপতি ছিদ্দিক আলি তালুকদাৰক সংবিধানবিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত এবিএমছুৰ পদবী আৰু প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰিছে। সোমবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত এবিএমছুৰ সাধাৰণ সম্পাদক জাইদুল শ্বেখে এই কথা অৱগত কৰে।
তেওঁ কয় যে ছিদ্দিক আলি তালুকদাৰে এবিএমছুৰ সংবিধান উলংঘা কৰি এবিএমছুৰ কেন্দ্ৰীয় নেৰ্তৃবৰ্গৰ বিৰুদ্ধে সামাজিক মাধ্যমত চুড়ান্ত অপপ্ৰচাৰ আৰু এগৰাকী মহিলাৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ বাবেই এবিএমছুৱে ছিদ্দিক আলি তালুকদাৰক বহিষ্কাৰ কৰিছে । অনাগত সময়ছোৱাত ছিদ্দিক আলি তালুকদাৰৰ সতে এবিএমছু সন্দৰ্ভত কোনো ধৰণৰ যোগাযোগ নাৰাখিবলৈ সকলো পক্ষলৈ আহ্বান জনাইছে এবিএমছুৰ সাধাৰণ সম্পাদক জাইদুল শ্বেখে ।
Also Read: হয়, প্ৰেম আছিল আমাৰ কিন্তু বিচ্ছেদো হৈছিলঃ অৱশেষত মুখ খুলিলে শংকৰজ্যোতিয়ে...
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us