২৮০ জন যাত্ৰী কঢ়িওৱা জাহাজত অগ্নিকাণ্ডঃ নিহত ৩...

একাংশ যাত্ৰী জুইৰ পৰা হাত সাৰিবলৈ সাগৰত জপিয়াই পৰাৰ বিপৰীতে একাংশ লোক এতিয়াও জুইৰ মাজত আবদ্ধ হৈ আছে । অগ্নিকাণ্ড সংঘটিত জাহাজখনৰ নাম "KM Barcelona VA" ...

New Update
1

ডিজিটেল ডেস্কঃ  ইণ্ডোনেছিয়াৰ উত্তৰ চুলাৱেছিৰ টালিছ দ্বীপৰ সমীপত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। প্ৰায় ২৮০ জন লোক কঢ়িয়াই অনা এখন যাত্ৰীবাহী নাওত অগ্নিকাণ্ড সংঘটিত হয়। এই ঘটনাত কমেও ৩ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে একাংশ লোকে নিজৰ জীৱন ৰক্ষাৰ বাবে সাগৰত জপিয়াই পৰে।

Advertisment

প্ৰাপ্ত তথ্য অনুসৰি, এই নাওখন মানাডো বন্দৰলৈ যাত্ৰা কৰিছিল। একাংশ যাত্ৰী জুইৰ পৰা হাত সাৰিবলৈ সাগৰত জপিয়াই পৰাৰ বিপৰীতে একাংশ লোক এতিয়াও জুইৰ মাজত আবদ্ধ হৈ আছে । অগ্নিকাণ্ড সংঘটিত জাহাজখনৰ নাম "KM Barcelona VA"।  স্থানীয় সময় অনুসৰি নিশা প্ৰায় ১:৩০ বজাত এই অগ্নিকাণ্ড সংঘটিত হয়।

সমগ্ৰ ঘটনা সন্দৰ্ভত অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ সৈতে জড়িত বিষয়া ভেৰী আৰিয়ানটোৱে কয় যে, "তিনিজন লোকৰ মৃত্যু হৈছে আৰু প্ৰায় ১৫০ জন লোকক উদ্ধাৰ কৰা হৈছে। উদ্ধাৰকাৰী দল আৰু স্থানীয় মাছ ধৰা নাওৰ যৌথ দলে তেওঁলোকক উদ্ধাৰ কৰে।

উল্লেখ্য যে, অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে কৰ্তৃপক্ষই। তেওঁলোকৰ মতে বিদ্যুৎ বিকল হোৱা, ইন্ধন লিক হোৱা বা ইঞ্জিন বিকল হোৱা আদি কিছুমান সম্ভাৱ্য কাৰণত এনে ঘটনা সংঘটিত হৈছে।

অগ্নিকাণ্ড জাহাজ দুৰ্ঘটনা