/asomiyapratidin/media/media_files/2025/02/01/JwcuUwb1tGNTdyy3OYzy.jpg)
বৰহোলা জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উপলক্ষে বিশাল সাংস্কৃতিক শোভাযাত্ৰা
ডিজিটেল সংবাদ, ঘিলাধাৰী : বৰহোলা অঞ্চলৰ ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠান বৰহোলা জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উপলক্ষে দ্বিতীয় দিনা উদুলি-মুদুলি পৰিৱেশ বিৰাজ কৰে ৷ পহিলা দিনা মঞ্চ উদ্ধোধন,প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন শৈক্ষিক প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷
আনহাতে দ্বিতীয় দিনা বিদ্যালয় প্ৰাংগনৰ পৰা গড়াজান তিনিআলিৰ পৰা বৰহোলা নগৰলৈ ৪ কিঃমিঃ বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়৷ এই শোভাযাত্ৰাত বিভিন্ন জাতি-জনগোষ্ঠী কলা-সংস্কৃতি প্ৰদৰ্শন কৰা হয় ৷
শোভাযাত্ৰাত কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে আৰু সকলোকে আকৰ্ষণ কৰে ৷