প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতিঃ মধ্যভোগী দালাল-পঞ্চায়ত প্ৰতিনিধিৰ ছত্ৰছায়াত চলিছে লুটপাত

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতিঃ মধ্যভোগী দালাল-পঞ্চায়ত প্ৰতিনিধিৰ ছত্ৰছায়াত চলিছে লুটপাত

ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰৰ আমগুৰি গাঁও পঞ্চায়তত চলিছে মধ্যভোগী দালালৰ দপদপনি। হিতাধিকাৰীক অন্ধকাৰত ৰাখি কৌশলৰে প্ৰধান মন্ত্ৰী আৱাস যোজনা গৃহ নিৰ্মাণৰ ধন হস্তগত কৰিছে মধ্যভোগীয়ে। ইয়াৰ বিপৰীতে এবছৰেও নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা নাই প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ বহু গৃহৰ।

কলিয়াবৰৰ আমগুৰি গাঁও পঞ্চায়তত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত চলিছে ব্যাপক অনিয়ম। কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত আমগুৰি গাঁও পঞ্চায়তৰ দেওচুৰ চাং গাঁৱত এবছৰেও আধৰুৱা হৈ আছে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ বহু ঘৰ। এই ঘৰসমূহ নিৰ্মাণৰ অলিখিত ঠিকা লাভ কৰিছিল জেমসিং ইংলেং নামৰ এজন মধ্যভোগী দালালে। কিন্তু চৰকাৰী আঁচনিৰ গৃহ নিৰ্মাণৰ নামত সংশ্লিষ্ট পঞ্চায়ত প্ৰতিনিধিক মেনেজ কৰি কৌশলৰে মুনাফা লুটিছে জেমসিং ইংলেঙে।

হিতাধিকাৰীৰ একাউণ্টত সোমোৱা প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ ধন কৌশলৰে হস্তগত কৰিছে জেমসিঙে। ইয়াৰ বিপৰীতে হিতাধিকাৰীসকলক গৃহ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দি সম্পূৰ্ণ কৰিব পৰা নাই কোনো এটা ঘৰৰ কাম। হাতত পেং লৈ কোনো মতে চলা ফুৰা কৰা দেওচুৰ চাং গাঁৱৰ ৰাধিকা মুণ্ডা নামৰ ৰোগীয়া মহিলাগৰাকীও পৰিল জেমসিঙৰ প্ৰৱঞ্চনাৰ জালত।

গৃহ নিৰ্মাণৰ নামত কিমান টকা আবণ্টিত হৈছে সেয়া গম নাপায় মহিলাগৰাকীয়ে। মহিলাগৰাকীৰ বেংকৰ পাছবুক হস্তগত কৰি জেমসিঙে উঠাই ল'লে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ সমূদায় ধন। মহিলাগৰাকীৰ নামত আবণ্টিত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ সমূদায় ধন জেমসিং ইংলেঙে কৌশলৰে হস্তগত কৰে যদিও আজিলৈকে সম্পূৰ্ণ নহ'ল এইগৰাকী ৰোগীয়া মহিলাৰ চৰকাৰী ঘৰটো।

একেদৰে আধৰুৱা হৈ আছে দেওচুৰ চাং গাঁৱৰ মিনতি গঞ্জু, অঞ্জনা তাঁতী, কৃষ্ণ বাহাদুৰ ছেত্ৰীৰ আৱাস গৃহও। এই সকলো আৱাসগৃহ নিৰ্মাণৰ নামত আঁচনিৰ ধন কৌশলৰে হস্তগত কৰিছে জেমসিং ইংলেঙে। এয়া মাত্ৰ কেইটামান উদাহৰণহে ক'ৰবাত যদি আধৰুৱা, ক'ৰবাত আকৌ নিম্ন মানৰ কামৰে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ ধন উদৰস্থ কৰিছে জেমসিং ইংলেং এণ্ড কোম্পানীয়ে। এইক্ষেত্ৰত ৰহস্যজনক ভূমিকা পালন কৰিছে আমগুৰি গাঁও পঞ্চায়তৰ প্ৰতিনিধি তথা চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে।

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতিঃ মধ্যভোগী দালাল-পঞ্চায়ত প্ৰতিনিধিৰ ছত্ৰছায়াত চলিছে লুটপাত
আপ এটা দল নহয়, ই এক বিচাৰধাৰাঃ বিজেপিৰ হেড অফিচ নৌপাওতেই কেজৰিৱালক বাধা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in