আপ এটা দল নহয়, ই এক বিচাৰধাৰাঃ বিজেপিৰ হেড অফিচ নৌপাওতেই কেজৰিৱালক বাধা...

আপ এটা দল নহয়, ই এক বিচাৰধাৰাঃ বিজেপিৰ হেড অফিচ নৌপাওতেই কেজৰিৱালক বাধা...

ডিজিটেল ডেস্কঃ বিজেপিৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি দিল্লীৰ দীন দয়াল উপাধ্যায় পথত আপৰ বিশাল প্ৰতিবাদী ৰেলী। কেজৰিৱালৰ নেতৃত্বত আপৰ প্ৰায় সংখ্যক বিধায়ক-সাংসদক লৈ এই প্ৰতিবাদী ৰেলী আগবাঢ়িছে বিজেপিৰ মুখ্য কাৰ্যালয়ৰ দিশে। এতিয়ালৈকে এই প্ৰতিবাদৰ বাবে প্ৰশাসনে অনুমতি প্ৰদান কৰা নাই বাবেই আৰক্ষী-নিৰাপত্তৰাক্ষীয়ে একাংশ প্ৰতিবাদকাৰীক আটক কৰিছে।

প্ৰতিবাদী ৰে'লীৰ মাজতে জনতাক সম্বোধন কৰি কেজৰিৱালে কয় যে, আমি আজি ইয়াত সকলো বিধায়ক, সাংসদ উপস্থিত আছো। ইয়াৰ পৰাই বিজেপি চৰকাৰে যাক মন যায়, তাকেই গ্ৰেপ্তাৰ কৰি নিবলৈ আহ্বান জনাইছো। আম আদমী পাৰ্টিক নিঃশেষ কৰি দিয়াৰ যি ষড়যন্ত্ৰ বিজেপি দল তথা বিজেপি চৰকাৰে ৰচিছে সেয়া কেতিয়াও বাস্তৱত ৰূপায়িত হয়।

বিজেপিয়ে আপক লৈ এটা অপাৰেশ্যন আৰম্ভ কৰিছে। এই অপাৰেশ্যনত আপৰ সকলো নেতা-কৰ্মীক গ্ৰেপ্তাৰ কৰা লক্ষ্য লৈছে বিজেপিয়ে। নিৰ্বাচনৰ পিছত হয়তো আপৰ একাউন্ট ফ্ৰীজ কৰি দিব। এই সকলোবোৰ প্লেনিং কৰিয়েই বিজেপিয়ে আপক নিঃশেষ কৰি দিয়াৰ অপাৰেশ্যন আৰম্ভ কৰিছে বিজেপিয়ে। পৰ্যায়ক্ৰমে বিজেপিয়ে আমাৰ সাংসদ ৰাঘৱ চড্ডা আৰু আতিশীকো গ্ৰেপ্তাৰ কৰিব। 

উক্ত প্ৰতিবাদী ৰেলীতে কেজৰিৱালে এক বিস্ফোৰক অভিযোগ উত্থাপন কৰে। তেওঁ কয়- ইডিৰ অধিবক্তাই আদালতত আমাৰ দলৰ বেংক একাউন্ট ফ্ৰীজ কৰি দিয়াৰ লগতে কাৰ্যালয় খালী কৰাবলৈও আবেদন দাখিল কৰিছে। তেওঁলোকে এনেদৰে ষড়যন্ত্ৰ কৰি আম আদমী পাৰ্টিক নিশেষ কৰিব পাৰিম বুলি ভাৱিছে। কিন্তু আম আদমী পাৰ্টি এতিয়া এটা বিচাৰধাৰা। উন্নয়নৰ গতি তুৰান্বিত কৰা এটা বিচাৰধাৰা হৈছে আপ। আমি দিল্লী আৰু পাঞ্জাৱত এনেকুৱা কাম কৰিছো যি কাম বিগত ৭৫বছৰতো কৰিব পৰা নাছিল। শিক্ষা, স্বাস্থ্যৰ দিশত আমি যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছো। এনেবোৰ কাম ৰুদ্ধ কৰিবৰ বাবেই বিজেপিয়ে আমাক ধ্বংস কৰাৰ পৰিকল্পনা ৰচিছে।

আপ এটা দল নহয়, ই এক বিচাৰধাৰাঃ বিজেপিৰ হেড অফিচ নৌপাওতেই কেজৰিৱালক বাধা...
ভগ্নী ধৰ্ষিতা হ’ল, ভাতৃ মৰি গ’ল, খবৰেই নহ’ল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in