
ডিজিটেল সংবাদ ধুবুৰীঃ বিলাসীপাৰা মহকুমাক জিলালৈ উন্নতিকৰণ আৰু চাপৰ আৰু সাপটগ্ৰাম মহকুমা গঠন কৰাৰ দাবীত আজি বিলাসীপাৰা মহকুমাধিপতিৰ কাৰ্যলয়ৰ সন্মুখত এক বিশাল গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আজিৰ এই কাৰ্যসূচীত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য জীৱেশ ৰায়কে ধৰি বিভিন্ন দল, ছাত্ৰ সংগঠন,অনুষ্ঠান,প্ৰতিষ্ঠান, বিশিষ্ট ব্যক্তি আৰু সাধাৰণ লোকে সতস্ফুর্তভাগে গণ অৱস্থান কাৰ্যসূচীত অংশ গ্ৰহণ কৰে।
ৰাতিপুৱা ১১ বজাত বিলাসীপাৰা জিলা দাবী সমিতিৰ মুখ্য আহ্বায়ক দয়াল পালৰ নেতৃত্বত গণ অৱস্থান কাৰ্যসূচীত বিলাসীপাৰা মহকুমাৰ পাঁচ শতাধিক লোকে অংশ গ্ৰহণ কৰে।বিলাসীপাৰা মহকুমাক জিলা ঘোষণাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰে।
উল্লেখ্য যে, যোৱা ২০১৩ চনৰ পৰা বিলাসীপাৰা জিলা দাবী সমিতিয়ে জিলা ঘোষণাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।