/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/94c5253a-0f26-4228-883c-eb5130411f35/AP_FOR_WEB_achiever.jpg)
বৰ্ণাঢ্য কাৰ্যসূচীৰে Achiever Awards 2022: বহুজনলৈ সন্মান, হেমকোষৰ ব্ৰেইল সংস্কৰণ বিতৰণ...
ডিজিটেল ডেস্কঃ সাদিন-প্ৰতিদিন গোষ্ঠীৰ এচিভাৰ এৱাৰ্ডছ-২০২২ আজি গুৱাহাটীৰ ইউ এছ টি এম প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। মুখ্য অতিথি দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু বিশিষ্ট অতিথি হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকা এই এচিভাৰ এৱাৰ্ডছ অনুষ্ঠানত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাজনো বিশিষ্ট ব্যক্তিক তেওঁলোকে বিভিন্ন দিশলৈ আগবঢ়োৱা অৱদানৰ বাবে বিভিন্ন শিতানত বঁটা প্ৰদান কৰা হয়। একেদৰে সাদিন প্ৰতিদিন গোষ্ঠীৰো কেইবাজনো সংবাদ কৰ্মীলৈ আগবঢ়োৱা হয় শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/86d792a1-232c-4c77-8b74-8473bbdcfe45/1b1282c3_8e95_4d08_aa36_a9a36a4efa88.jpg)
অনুষ্ঠানৰ আৰম্ভণিতে সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱা, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, সাদিনৰ সম্পাদিকা অনুৰাধা শৰ্মা পূজাৰী আৰু নন্দিনীৰ সম্পাদিকা মাইনী মহন্তই ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা, হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱা আৰু সাদিন প্ৰতিদিন গোষ্ঠীৰ পিতামহ স্বৰূপ তিলক হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তী প্ৰজ্বলন কৰে। অনুষ্ঠানত উদ্বোধনী ভাষণ আগবঢ়াই জয়ন্ত বৰুৱাই শেহতীয়াকৈ প্ৰস্তুত কৰি উলিওৱা হেমকোষৰ ব্ৰেইল সংস্কৰণ বিনামূলীয়াকৈ বিতৰণ কৰাৰ কথা ঘোষণা কৰে। অনুষ্ঠানত তেওঁ কয়, অভিধানৰ ব্ৰেইল সংস্কৰণ নথকাৰ বাবে ৰাজ্যৰ ৩ লক্ষাধিক নেত্ৰহীন লোকৰ অসমীয়া- ইংৰাজী ভাষা শিক্ষা আৰু তেওঁলোকৰ পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বিশেষ অসুবিধা আছিল। কিন্তু শেহতীয়াকৈ ৰাজ্যৰ সামাজিক ন্যায় আৰু সৱলীকৰণৰ বিভাগৰ অন্তৰ্গত ব্ৰেইল ছপাশালৰ সহযোগত ১০ হাজাৰ পৃষ্ঠাৰ ২১ টা খণ্ডত হেমকোষৰ ব্ৰেইল সংস্কৰণ ছপা কৰি উলিয়াবলৈ সক্ষম হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/13e6edb2-9b16-4733-99a6-cc46f25db2c6/ea48e627_ba7a_498e_b5ff_902d94507aae.jpg)
ইতিমধ্যে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে আনুষ্ঠানিক ভাৱে এই ব্ৰেইল অভিধান উদ্বোধন কৰাৰ লগতে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও এই অভিধান গ্ৰহণ কৰিছে। ব্ৰেইল অভিধান গ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কাৰ্যৰ প্ৰশংসা কৰাৰ লগতে দক্ষিণ পূব এছিয়াৰ ভিতৰতে আঞ্চলিক ভাষাত এই ব্ৰেইল অভিধান সৰ্ববৃহত আৰু প্ৰথম বুলি অভিহিত কৰিছে। এইয়া আমাৰ বাবে গৌৰৱৰ বিষয়।
তেওঁ কয়, অসমৰ সৰ্বজন্তীয় হেমকোষৰ ব্ৰেইল সংস্কৰণ প্ৰকাশ কৰি নেত্ৰহীনৰ বিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ লগতে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পুথিভঁৰালত ইয়াৰ ২১ টাকৈ খণ্ড বিনামূলীয়াকৈ প্ৰদান কৰাৰ বাবে হেমচন্দ্ৰ বৰুৱা ন্যাসে সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰিয়েই আজিৰ এই অনুষ্ঠানত ডিব্ৰুগড়ৰ মৰাণহাতৰ দৃষ্টিহীন প্ৰাথমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়, নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ দৃষ্টিহীন বিদ্যালয়, গুৱাহাটীৰ চৰকাৰী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়লৈ বিনামূলীয়াকৈ আগবঢ়োৱা হয় হেমকোষৰ ব্ৰেইল সংস্কৰণ। ইয়াৰোপৰি পৰৱৰ্তী সময়ত গুৱাহাটীৰ দৃষ্টিহীন বিদ্যালয়, বিহপুৰীয়াৰ দৃষ্টিহীন বিদ্যালয়, যোৰহাটৰ জে বি দৃষ্টিহীন বিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, কেন্দ্ৰীয় পুথিভঁৰাল আৰু ৰাষ্ট্ৰীয় পুথিভঁৰালক এই ব্ৰেইল অভিধান প্ৰদান কৰাৰ কথাও ঘোষণা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/e2c16056-a977-4308-a49b-d24823eee891/bc188d27_5998_441f_b1af_ac8b3db44eb8.jpg)
আনহাতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষণত কয়, হেমকোষ অভিধানে পথ প্রদৰ্শকৰ ভূমিকা পালন কৰি আহিছে। এই হেমকোষৰ ব্ৰেইল সংস্কৰণ প্ৰকাশ কৰি সাদিন-প্রতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাই জাতীয় দায়িত্ব পালন কৰিছে। ইয়াৰ বাবে তেওঁ জয়ন্ত বৰুৱাক ধন্যবাদো জ্ঞাপন কৰে। ২০২২ বৰ্ষৰ বিভিন্ন শিতানত এচিভাৰ এৱাৰ্ডছ লাভ কৰা বিশিষ্ট ব্যক্তিসকলক মুখ্যমন্ত্ৰী ড০ শৰ্মাই অভিনন্দন জ্ঞাপন কৰি অসমৰ সাংবাদিকতাৰ ইতিহাস আলোকপাত কৰে। তেওঁ কয়, স্বাধীনতাৰ সময়ত অসমৰ সংবাদ মাধ্যমে অতন্দ্র প্রহৰীৰ ভূমিকা লৈছিল। সমাজৰ অগ্রগামী দিশৰ লগত সংবাদ মাধ্যম আগুৱাই যাব লাগিব। তেওঁ কয়, সংবাদ মাধ্যম জাতীয় জীৱনৰ ইতিবাচক বাৰ্তা প্রেৰণ কৰা দায়িত্ব হোৱা উচিত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/98302249-54e3-4dd6-97f3-5fde82c1e634/0a9276b1_dbfc_495b_9e0d_97bfccd45986.jpg)
মুখ্য অতিথি হিচাপে উপস্থিত থকা প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে নিজৰ ভাষণত কয়, এই অনুষ্ঠানলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু সাদিন-প্রতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাই মোক আমন্ত্রণ জনাইছিল। আমন্ত্রণ লাভ কৰাৰ পিছতেই মই অনুষ্ঠানৰ প্রতি সহাঁৰি আগবঢ়াও। কাৰণ অসমৰ সৈতে মোৰ এক মধুৰ সম্পৰ্ক আছে।
অসমক তেওঁৰ দ্বিতীয়খন ঘৰ বুলি উল্লেখ কৰি ৰামনাথ কোবিন্দে কয়, অসম মোৰ বাবে দ্বিতীয়খন ঘৰ। অসমবাসীৰ মৰম সদায় মোৰ হৃদয়ত থাকিব। অতিথিপৰায়ণতা অসমবাসীৰ পৰা শিকিবলগীয়া। অসমৰ প্রাকৃতিক সৌন্দৰ্যই মোক আপ্লুত কৰে। অসমত প্রাকৃতিক সৌন্দৰ্য আছে, সৌভাগ্য আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/5b1d786b-b529-4a6b-8363-d11453751b4c/2196a204_09ef_4276_b87d_62863b9d6f34.jpg)
ভাষণত তেওঁ বঁটা লাভ কৰা প্ৰতিগৰাকী ব্যক্তিলৈ অভিনন্দন জনাই কয়, বঁটা প্ৰাপক প্ৰতিগৰাকী ৰাষ্ট্রনিৰ্মাতা। ভাৰত ৰত্ন, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ গীত আওঁৰাই ভাষণৰ মাজতে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱকো স্মৰণ কৰে।
তেওঁ লাচিত বৰফুকনৰ কথা উল্লেখ কৰি কয়, ‘লাচিত বৰফুকনৰ দৰে বীৰে অসমত জন্ম লাভ কৰিছিল। ইয়াৰোপৰি উত্তৰ-পূবৰ ক্রীড়াবিদ সকলৰ সফলতাৰ কথা উল্লেখ কৰি অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁই, হিমা দাসৰ কথাও উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/5f02655c-3b9b-4f26-bf42-eef50a2fa784/eb992273_7e47_423e_a2e0_233a517faec9.jpg)
ভাষণত তেওঁ সাদিন-প্রতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ তথা অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱাক ভূয়সী প্রশংসা কৰে। তেওঁ কয়, হেমকোষৰ ব্রেইল সংস্কৰণ অসমীয়া সমাজ জীৱনৰ বাবে এক বৃহৎ উপলব্ধি। আশা কৰো এই সংস্কৰণে দৃষ্টিহীনসকলক যথেষ্ট উপকৃত কৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/6cd76a5e-925a-4fb5-8961-11deaf450e53/73a9b14e_3cfa_45f6_8feb_b47d180a497f.jpg)
উল্লেখ্য যে, অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতা, মন্ত্ৰী, বিধায়কৰ লগতে অসমৰ কেইবাখনো উল্লেখযোগ্য সত্ৰৰ সত্ৰাধিকাৰ, অসম সাহিত্য সভাকে ধৰি বিভিন্ন সাহিত্য অনুষ্ঠানৰ বিষয়ববীয়া, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক, শিক্ষাবিদ, সাহিত্যিক, সমাজকৰ্মী, সংবাদকৰ্মী, সাংস্কৃতিক কৰ্মী, শিক্ষাৰ্থীকে ধৰি বিভিন্ন শ্ৰেণীৰ অগণন লোকে অংশগ্ৰহণ কৰা এই অনুষ্ঠানতে কেইবাজনো বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হয় এচিভাৰ এৱাৰ্ড-২০২২।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/04cc53d6-1121-4ce0-bb36-dbd730004208/4394c1f4_861c_41d5_9c0b_58164cc8fff9.jpg)
এই অনুষ্ঠানতে হেমকোষৰ ব্ৰেইল সংস্কৰণো বিতৰণ কৰা হয়। উল্লেখ্য যে, সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাৰ ইচ্ছা আৰু প্ৰচেষ্টাত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ হেমকোষ দৃষ্টিহীনসকলৰ সুবিধাৰ্থে ব্ৰেইল সংস্কৰণত মুদ্ৰিত কৰে। ইতিমধ্যে আনুষ্ঠানিক ভাৱে শুভ উন্মোচন কৰা হেমকোষৰ ব্ৰেইল সংস্কৰণ এছিয়াৰে প্ৰথমখন ব্ৰেইল অভিধান হিচাপে পৰিচিত হৈ পৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/84f1d240-2f8e-4c87-baba-74cf68159b77/c4387618_7a85_456d_8827_ac1c60b87594.jpg)
বিশিষ্ট নাট পৰিচালক-আজীৱন নাট্যকৰ্মী দুলাল ৰয়লৈ এইবাৰ আগবঢ়োৱা হৈছে জীৱনজোৰা সাধনা বঁটা। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু জয়ন্ত বৰুৱাৰ হাতৰ পৰা দুলাল ৰয়ে গ্ৰহণ কৰে এই বঁটা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/e15704f2-97e8-4889-b3a7-70110b30456d/96c71721_f840_4988_b874_37288b5cdc35.jpg)
সাদিন প্ৰতিদিন গোষ্ঠীয়ে আগবঢ়োৱা বিভিন্ন শিতানৰ বঁটাসমূহৰ ভিতৰত পৰিৱেশ শিতানত ড০ পূৰ্ণিমা দেৱী বৰ্মনে লাভ কৰে Excellence in Environmental Conservation বঁটা। সামাজিক শিতানত ড০ দিগম্বৰ নাৰ্জাৰীয়ে লাভ কৰে Excellence in Social Service বঁটা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/04740802-4831-4c1a-b140-acfecad6c7c4/5570ed02_2841_4716_b4a3_4a8b771c62e2.jpg)
স্বাস্থ্যৰ শিতানত ডাঃ অজয়া মহন্তই লাভ কৰিছে Excellence in Health Care বঁটা। আনহাতে ক্ৰীড়াৰ শিতানত দুগৰাকী ক্ৰীড়াবিদে যুটীয়া ভাৱে লাভ কৰিছে Excellence in Sports বঁটা। এই বঁটা লাভ কৰা দুয়ো খেলুৱৈ ক্ৰমে জেৰিমি লাল ৰিনুংগা আৰু বধিৰ অলিম্পিয়ান অভিনন্দন গোস্বামী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/d0437a68-2c3e-424b-bdbb-d3e7495ca05a/8421a132_eaa5_4caf_9347_7374c87571d6.jpg)
আনহাতে আৰক্ষী বিষয়া ৰবিন হিবুলৈ আগবঢ়োৱা হৈছে Excellence in Public Service বঁটা। বিজ্ঞান আৰু উদ্ভাৱনৰ জৰিয়তে চমক সৃষ্টি কৰিবলৈ সক্ষম হোৱা ড০ ভূপেন্দ্রনাথ গোস্বামীলৈ Excellence in Science & Innovation বঁটা আৰু হেমচন্দ্র গোস্বামীলৈ Excellence in Art বঁটা আগবঢ়োৱা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/d5861367-fc13-45c3-9cf4-a121c018649b/e375bb62_ef27_4913_903f_b6654197f489.jpg)
সংগীতৰ শিতানত বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱালৈ Achiever in Music বঁটা, ড০ লক্ষ্যহীৰা দাসলৈ সাদিন সাহিত্য আৰু সাংবাদিকতা বঁটা আগবঢ়োৱা হৈছে। ইফালে ‘প্রতিদিন টাইম’ৰ চলিত বৰ্ষৰ শ্রেষ্ঠ সাংবাদিকতা বঁটা আগবঢ়োৱা হৈছে গুৱাহাটীৰ পাৰ্থ প্রতীম বৰুৱা, নতুন দিল্লীৰ সাংবাদিক প্রাঞ্জল প্রতীম দাসলৈ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/7eecd6a7-5920-4c32-a8ed-40649a1dab27/542139b0_aa78_420a_a823_7996924eb47d.jpg)
‘অসমীয়া প্রতিদিন’ৰ চলিত বৰ্ষৰ শ্রেষ্ঠ সাংবাদিকতা বঁটা প্রদান কৰা হৈছে গুৱাহাটীৰ বনজিৎ ঠাকুৰীয়া আৰু ঢকুৱাখনাৰ সাংবাদিক অমৃত পৱন বৰালৈ। প্ৰতিদিন ৱেব ডেস্কৰ শ্ৰেষ্ঠ সংবাদকৰ্মী বঁটা আগবঢ়োৱা হৈছে বন্দনা শইকীয়ালৈ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/2d03bce8-b0b5-4cdb-adaf-50d99618b70d/3df8c748_1d22_43e6_9873_46dcf7f8ea37.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/bca48f8b-617a-4c09-a577-f9952a132c4f/1f3c8d52_7e39_4430_bcc2_5be7c9d20be8.jpg)
ক্লিক কৰি পঢ়কঃ দৃষ্টিহীন শিক্ষাৰ্থীৰ শিক্ষালৈ যুগান্তকাৰী অৱদানঃ বিনামূলীয়াকৈ বিতৰণ হেমকোষৰ ব্ৰেইল সংস্কৰণ...