Advertisment

পকামুৰা পথাৰত ভাৰতীয় যুৱমৰ্চাৰ কেন্দ্ৰীয় শ্বহীদ দিৱসৰ ব্যাপক আয়োজন

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেবাগৰাকীও মন্ত্ৰী, বিধায়ক তথা সাংসদ উপস্থিত থাকিব লগা এই কাৰ্যসুচীৰ বাবে ইতিমধ্যে পকামুৰা পথাৰত ব্যাপক আয়োজন চলিছে ৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ  ভাৰতীয় যুৱ মৰ্চাৰ উদ্যোগত জামুগুৰিহাটৰ পকামুৰা পথাৰত মঙলবাৰে তথা ১০ ডিচেম্বৰত অনুষ্ঠিত হব কেন্দ্ৰীয় শ্বহীদ দিৱস৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেবাগৰাকীও মন্ত্ৰী, বিধায়ক তথা সাংসদ উপস্থিত থাকিব লগা এই কাৰ্যসুচীৰ বাবে ইতিমধ্যে পকামুৰা পথাৰত ব্যাপক আয়োজন চলিছে ৷

Advertisment

ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাস বিগত কেইবাদিনো জামুগুৰিহাটতে বাহৰ পাতি নিজে পৰ্যবেক্ষণ কৰিছে প্ৰতিটো দিশ৷ অবিভক্ত শোণিতপুৰ জিলাৰ ১৬০ গৰাকী শ্বহীদৰ পৰিয়ালক সম্বৰ্ধনা জনোৱা হব শ্বহীদ দিৱসত।

ভাৰতীয় জনতা যুৱ মৰ্চাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস অনুষ্ঠানটি সৰ্বতোপ্ৰকাৰ সাফল্যমণ্ডিত কৰাৰ বাবে সকলো কৰ্মকৰ্তাই প্ৰচেষ্টা অব্যাহত ৰাখিছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা শোণিতপুুৰ