কথাৰে নহয় কামেৰে অসমীয়াগিৰি জামুগুৰিহাটৰ বাদ্যযন্ত্ৰী শিল্পী পুলকৰ...

কথাৰে নহয় কামেৰে অসমীয়াগিৰি জামুগুৰিহাটৰ বাদ্যযন্ত্ৰী শিল্পী পুলকৰ...
কথাৰে নহয় কামেৰে অসমীয়াগিৰি জামুগুৰিহাটৰ বাদ্যযন্ত্ৰী শিল্পী পুলকৰ...

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ এগৰাকী বাদ্যযন্ত্ৰী যুৱ শিল্পী জামুগুৰিহাটৰ কোচগাঁৱৰ পুলক বৰা৷ গীতাৰ কী বোৰ্ড ঢোলকি আদি বাদ্যযন্ত্ৰ বজোৱাত পাকৈত এইগৰাকী যুৱ বাদ্যযন্ত্ৰী শিল্পীয়ে বহুকেইগৰাকী কণ্ঠশিল্পীৰ লগত অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে ৰাস ভাওনা আদিতো বাদ্যযন্ত্ৰ বজাই সকলোৰে বাবে এগৰাকী বাদ্যযন্ত্ৰী শিল্পী হিচাপে এখন চিনাকী মুখ হৈ পৰে৷

বাদ্যযন্ত্ৰ ব্যৱহাৰৰ উপৰিও হাতত কেচি লৈ নিজে চুলি দাড়ি কটা চেলুন খুলি বৰ্তমান এইগৰাকী যুৱ শিল্পীয়ে নতুনকৈ সংযোজন ঘটাইছে এইখন চেলুন৷ য’ত নিজে ব্যস্ত হৈ পৰিছে গ্ৰাহকৰ চুলি দাড়ি কটা কামত৷

প্ৰায়সংখ্যক অসমীয়া যুৱকে ইচ্ছা নকৰা এই কৰ্ম কৰিবলৈ আগবাঢ়ি আহি বহি:ৰাজ্যৰ লোকসকলৰ হাতত থকা কৰ্ম্মটিক থলুৱা লোকৰ হাতলৈ ঘুৰাই আনিবৰ বাবেই জামুগুৰিহাটৰ কোঁচগাঁৱৰ ঐতিহ্যমণ্ডিত কালিয়দমণ ভাওনা ক্ষেত্ৰৰ মুল তোৰণভাগৰ কাষতেই এইদৰেই এইখন চেলুন খুলি হাতে কামে কৰ্মত ব্যস্ত হৈ পৰিছে এইগৰাকী যুৱ বাদ্যযন্ত্ৰী শিল্পী পুলক বৰা৷ কৰ্মসংস্কৃতিৰ জৰিয়তে অৰ্থনৈতিক বিপ্লৱৰ চিন্তা কৰা পুলকৰ এই কৰ্মৰাজীৰ প্ৰশংসাও কৰিছে বহুজনে৷ পুলকৰ এই কৰ্মৰাজী আন সকলৰ বাবেও প্ৰেৰণা আৰু আদৰ্শ হৈ উঠক৷

কথাৰে নহয় কামেৰে অসমীয়াগিৰি জামুগুৰিহাটৰ বাদ্যযন্ত্ৰী শিল্পী পুলকৰ...
মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ যোশী আৰু নাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in