মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ এখন ভিতৰুৱা গাৱঁৰ কৰুণ গাঁথা...

চৰকাৰী আচঁনিয়ে বিশেষভাৱে ঢুকি নোপোৱা এখন অৰ্ধশতিকা গৰকা গাঁ‌ৱৰ কাহিনী

author-image
Asomiya Pratidin
New Update
মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ এখন ভিতৰুৱা গাৱঁৰ কৰুণ গাঁথা...

মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ এখন ভিতৰুৱা গাৱঁৰ কৰুণ গাঁথা

ডিজিটেল সংবাদ,মাৰ্ঘেৰিটাঃ এফালে বি জে পি নেতৃত্বাধীন চৰকাৰৰ উন্নয়নৰ ঢাক ঢোল আনফালে ঠাই বিশেষে উন্নয়নৰ বিপৰীত ছবি। ৰাজ্যখনৰ এনে বহু গাওঁ আছে যিসমূহে আজিও উন্নয়নৰ পৰশ পোৱা নাই । এই ক্ষোভ মাৰ্ঘেৰিটা সমষ্টিৰ গাঁও এখনৰ একাংশ ৰাইজৰ।

Advertisment

১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত ধাৰাবাহিকভাৱে উন্নয়নমূলক আচঁনি ৰূপায়ণ হৈ থাকিলেওঁ উন্নয়ন সুদূৰ পৰাহত হৈ থকা বহু গাওঁ আছে । তেনে এখন গাওঁৰ নাম হ'ল মাইচাংপানি বালি চাপৰি গাওঁ। বুঢ়ীদিহিং নদীৰ পাৰতে থকা এই গাঁৱখন ইনথেম গাওঁ পঞ্চায়তৰ অন্তৰ্গত। সহস্ৰাধিক জনসংখ্যা থকা গাওঁখন মূলতঃ চাহ জনগোষ্ঠী তথা সোনালী কছাৰী জনগোষ্ঠী অধ্যুষিত । কি সমস্যাৰে ভাৰাক্ৰান্ত নহয় গাওঁবাসী, কি চৰকাৰী আচনিৰ পৰা বঞ্চিত নহয় সহজ সৰল এই গঞা।

মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ অ' আমাৰ গাওঁ কাৰ্যসূচীত উন্মোচিত হৈছে চৰকাৰৰ উন্নয়নৰ ঢাক ঢোলৰ পয়ালগা ছবি । তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগৰ পৰিচালনাত মঙলবাৰে অনুষ্ঠিত অনুষ্ঠানত গাওঁবাসীয়ে ব্যক্ত কৰে স্বাস্থ্য, শিক্ষা ,বিদ্যুত ,যাতায়ত আদিকে ধৰি এশ এবুৰি সমস্যাৰ কথা ।

বুঢ়ীদিহিং নদীৰ তীব্ৰ গৰাখহনীয়াই মাইচাংপানী বালিচাপৰিকে ধৰি ইনথেম গাওঁ পঞ্চায়তৰ মুখ্য সমস্যা । হাজাৰ হাজাৰ বিঘা ভূমি নদীত জাহ গৈছে । প্ৰায় ১৫ কিলোমিটাৰ অংশ ইনথেম গাওঁ পঞ্চায়তৰ অংশ বুঢ়ীদিহিংৰ গৰাখহনীয়াৰ কবলত পৰিছে । যাৰ ফলত গাওঁ কেইখনৰ অস্তিত্বলৈ সংকট নামি আহিছে । অতিশীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধ নকৰিলে মাইচাংপানি বালি চাপৰিকে ধৰি বহু সংখ্যক গাওঁ নদীৰ বুকুত জাহ যোৱাটো নিশ্চিত হৈ পৰিছে।

স্থানীয় একাংশ ৰাইজৰ অভিযোগ অনুসৰি বাৰিষাকালত গাঁৱখন বানৰ কবলত পৰি ৰাইজে যমৰ যাতনা ভুগিব লগা হয় । মথাউৰিটোৱে বহিঃজগতৰে সম্পৰ্ক স্থাপনৰ একমাত্ৰ পথ হোৱা হেতুকে যাতায়ত দুৰ্বিষহ হৈ পৰে । বাৰিষাকালত পথটো বোকা আৰু পানীময় হৈ পৰে । যান বাহন চলাচলটো বাদেই এখন বাইচাইকেল ঠেলি নিয়াও সম্ভৱ নহয়। সেই সময়ত ছাত্ৰ -ছাত্ৰী, ৰোগীৰ কি বিলৈ হয় ভুক্তভোগীয়েহে বুজে ।

ভুক্তভোগী সকলে অনুষ্ঠানত উল্লেখ কৰে যে, মাইচাংপানি বালি চাপৰি গাঁ‌ৱৰ এটা উপ পথো আজিলৈকে নিৰ্মান বা মেৰামতি একোৱে হোৱা নাই। পঞ্চায়ত খনৰ সভানেত্ৰী অৰুণা গুডুংক নিৰ্বাচনৰ সময়তে যি ৰাইজৰ দেখা। আজিলৈ ভুমুকি মৰা নাই গাওঁখনত ।

আনহাতে মাইচাং প্ৰাথমিক বিদ্যালয় হৈছে একমাত্ৰ প্ৰাথমিক শিক্ষাগ্ৰহণৰ স্থল । এশৰো অধিক ছাত্ৰ - ছাত্ৰীৰ বিপৰিতে এজনীয়া শিক্ষকৰে চলি আহিছে বিদ্যালয়খন । মধ্য ইংৰাজী , উচ্চ মাধ্যমিক শিক্ষাগ্ৰহণৰ বাবে নগাপথাৰ বা কেটেতংলৈ যাব লগা হয়। এজনীয়া শিক্ষকেৰে চলি থকা প্ৰাথমিক বিদ্যালয়খনত পৰ্যাপ্ত শিক্ষক নিযুক্ত নহ'লে প্ৰাথমিক শিক্ষাৰ নামত যে ভেকোভাওঁনা চলি থাকিব সেইয়া নিশ্চিত বুলিও উল্লেখ কৰে।

উল্লেখ্য যে, এবছৰৰ পূৰ্বে গাঁৱখনলৈ বিদ্যুত সম্প্ৰসাৰিত কৰিছে । এতিয়া গাওঁখন আন্ধাৰত ডুব নাযায় । ইয়াৰ বাবে বি জে পি নেতৃত্বাধীন চৰকাৰখনক তথা স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাক গাওঁবাসীয়ে প্ৰশংসা কৰিছে । কিন্তু তাৰ মাজতে গাওঁবাসীৰ প্ৰশ্ন কৰে যে, এজনীয়া শিক্ষকেৰে সম্ভৱনে প্ৰকৃত শিক্ষা ? এটা মথাউৰিৰে যাতায়ত ,সম্ভৱ নে ।

বাৰিষাকালত পানী বোকাত সম্পূৰ্ণ ৰূপত যাতায়তৰ বাবে অনুপযোগী হৈ পৰা মথাউৰিটো নিৰ্মাণৰ ব্যৱস্থা হ'বনে ? স্বাস্থ্যখণ্ডৰ কথা উল্লেখ কৰি কয় যে, সহস্ৰাধিক জনসংখ্যাৰ বিপৰীতে এখনো উপস্বাস্থ্য কেন্দ্ৰ নাই । কোনো লোক ৰোগাক্ৰান্ত হ'লে মাৰ্ঘেৰিটা বা তিনিচুকীয়া -ডিব্ৰুগড়লৈ নিয়াৰ বিকল্প নাই । কিছু সমীপবৰ্তী হিচাপে কেতেটংত এখন চৰকাৰী চিকিৎসালয় আছে যদিও পৰ্যাপ্ত চিকিৎসক নাৰ্চ ঔষধ-পাতি নাই ।

ৰাইজে লগতে আক্ষেপ প্ৰকাশ কৰে যে, বিশুদ্ধ খোৱাপানী যোগান আঁচনি নাই । ১০০ শতাংশই কৃষিজীৱি লোক থকা পাছতো জলসিঞ্চনৰ ব্যৱস্থা নাই। খেতিৰ বাবে কৃষকসকল বৰষুণৰ ওপৰতে নিৰ্ভৰশীল । মাৰ্ঘেৰিটাত কৃষি বিভাগ এটা আছে যদিও এই গাৱঁৰ কৃষকসকল অলপো উপকৃত হোৱা নাই ।

অন্যহাতে সংস্থাৰ যুটীয়া সম্পাদক মানস প্ৰতিম গগৈয়ে আঁ‌ত ধৰা অনুষ্ঠানটোত মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ উপঃসভাপতি বিকাশ বৰুৱা, সাধাৰণ সম্পাদক প্ৰশান্ত চেতিয়া, সহকাৰী সম্পাদক দ্বয় ক্ৰমে মানস প্ৰতিম গগৈ, শ্যামল নেওগ, সাংগঠনিক সম্পাদক ফাইজুৰ ৰহমান, সদস্য আব্দুল আলিম, বিকি দাস, অৰুণ ভূঞা, সাংবাদিক মৃদু বৰুৱাসহ গাওঁখনৰ ২ শতাধিক ৰাইজ উপস্থিত থাকে ।

গাঁৱখনৰ জ্যেষ্ঠ নাগৰিক অম্বেশ্বৰ গগৈ, অজগৰাম নাগবংশী, আৰু ঘনকান্ত গগৈক মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ তৰফৰ পৰা এখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে । মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ স্পষ্টভাৱে আহ্বান জনাই যে, অতিশীঘ্ৰে সংশ্লিষ্ট কৰ্তৃপক্ষই সমস্যাসমূহ সমাধানৰ ব্যৱস্থা ল'বলৈ আহ্বান জনোৱাৰ লগতে সংশ্লিষ্ট সকলো বিভাগকে স্মাৰক পত্ৰ প্ৰদানৰ কথাও ঘোষণা কৰে।

আৰু পঢ়কঃ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত 'জনজাতীয় গৌৰৱ দিৱস' পালন...

assam MARGHERITA