বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত 'জনজাতীয় গৌৰৱ দিৱস' পালন..

মহান স্বাধীনতা সংগ্ৰামী বীৰ বীৰছা মুণ্ডাৰ আজি জন্ম জয়ন্তী। মহান বীৰ গৰাকীৰ এই জন্ম দিৱস 'জনজাতীয় গৌৰৱ দিৱস' হিচাপে আজি পালন কৰিলে ৰাজ্যিক বিজেপিয়ে।

author-image
Asomiya Pratidin
New Update
বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত 'জনজাতীয় গৌৰৱ দিৱস' পালন..

বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত 'জনজাতীয় গৌৰৱ দিৱস' পালন..

ডিজিটেল ডেস্কঃ মহান স্বাধীনতা সংগ্ৰামী বীৰ বীৰছা মুণ্ডাৰ আজি জন্ম জয়ন্তী। মহান বীৰ গৰাকীৰ এই জন্ম দিৱস 'জনজাতীয় গৌৰৱ দিৱস' হিচাপে আজি পালন কৰিলে ৰাজ্যিক বিজেপিয়ে। বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মঙলদৈৰ সাংসদ দিলীপ শইকীয়া, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু।

Advertisment

এইসকল নেতাৰ উপৰিও অনুষ্ঠানত উপস্থিত আছিল শেহতীয়াকৈ সম্পন্ন হৈ যোৱা দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নৱনিৰ্বাচিত সদস্যসকল। ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ অনুসূচিত জনজাতি মৰ্চাই অনুষ্ঠিত কৰা এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ শৰ্মাই বীৰছা মুণ্ডাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ভাষণ প্ৰসংগত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বীৰছা মুণ্ডাৰ স্মৃতি ৰক্ষাৰ বাবে গ্ৰহণ কৰা একাধিক পদক্ষেপ আদৰণি জনায়। ইফালে এই অনুষ্ঠানতে তেওঁ ৰাজ্য চৰকাৰে গুৱাহাটীৰ হেঙেৰাবাৰীত নিৰ্মাণ কৰা অমৃত উদ্যানত উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যৰ এগৰাকীকৈ স্বাধীনতা যুঁজাৰুৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ কথাও উল্লেখ কৰে। লগতে তেওঁ জনজাতীয় গৌৰৱ জীয়াই ৰখাৰ উপৰিও পৰম্পৰাগত সংস্কৃতি সংৰক্ষণৰ অংগীকাৰ কৰে।

ক্লিক কৰি পঢ়কঃ বটদ্ৰৱাৰ জাজৰিত ২২ সংখ্যক সত্রীয়া সাংস্কৃতিক দিৱস উদযাপন...