ভাৰত-বাংলাদেশ সীমান্তত কাঁটা তাঁৰৰ ওপৰেৰে চোৰাং গৰুৰ চালানঃ ব্যৰ্থ প্ৰশাসন...

সীমান্তলৈ প্ৰৱেশ কৰা গৰু জব্দ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষী
আন্তৰাষ্ট্ৰীয় সীমান্তৰে  প্ৰতিদিনে বাংলাদেশত সৰবৰাহ হয় শ শ চোৰাং গৰু
আন্তৰাষ্ট্ৰীয় সীমান্তৰে প্ৰতিদিনে বাংলাদেশত সৰবৰাহ হয় শ শ চোৰাং গৰু

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ ভাৰত-বাংলাদেশ আন্তৰাষ্ট্ৰীয় সীমান্তই ভাবুকি আনিছে ভাৰতত। কাঁইটীয়া তাঁৰৰ বেৰ থকা সীমান্তয়েদি প্ৰতিদিনে বাংলাদেশত সৰবৰাহ হয় শ শ চোৰাং গৰু।

গো মাতা সুৰক্ষাৰ বাবে দেশজুৰি চৰকাৰে বিভিন্ন আইন প্ৰনয়ন কৰাৰ পাছতো দেশত এতিয়াও অসুৰক্ষিত গো মাতা। বিশেষকৈ ভাৰত তথা অসমৰ একেবাৰে শেষ প্ৰান্তত অৱস্থিত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মাজত থকা ভাৰত-বাংলা সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি প্ৰতিনিশা অমানবিকভাৱে চোৰাংকৈ গৰু সৰবৰাহ কৰা ঘটনাই সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বৃহস্পতিবাৰে পুৱতি নিশাৰ ভাগত জিলাখনৰ মানকাচৰ থানাৰ অধীনস্থ কাকৰিপাৰা বি এছ এফ কেম্প এলেকাৰ ভাৰত-বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি বাঁহৰ ঢেকীৰ সহযোগত বাংলাদেশলৈ অমানবিকভাৱে গৰু সৰবৰাহ কৰি থাকোতে দুটাকৈ গৰুৰ কৰুণ মৃত্যু হোৱা ঘটনাই সচেতন মহলৰ চকু কপালত উঠিছে।

জানিব পৰা বাতৰি মতে, কাঁটা তাঁৰযুক্ত সীমান্তত জাক জাক গৰু লৈ পুৱতি নিশাৰ ভাগত ভাৰত দিশৰ পৰা ১৫-২০ জনীয়া গৰু সৰবৰাহকাৰীৰ দল এটা প্ৰৱেশ কৰাৰ বিপৰিতে বাংলাদেশৰ ফালৰ পৰাও ১০-১৫ জনীয়া দল এটা সীমান্তৰ কাষত আহি উপস্থিত হয়। বি এছ এফৰ গতি বিধি লক্ষ্য কৰি দুয়োফালৰ সৰবৰাহকাৰী দলে সীমান্তত সৰবৰাহ কৰিবলৈ আৰম্ভ কৰে।

বিশেষকৈ ভাৰতৰ ফালৰ পৰা গৰুৰ ডিঙি আৰু বুকুত ৰচীৰে বান্ধি বাঁহৰ ঢেকীৰ দ্বাৰা কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি বাংলাদেশলৈ গৰুসমূহ সৰবৰাহ কৰি থকা অৱস্থাত ঘটনাস্থলীত টহলধাৰী বি এছ এফ জোৱান আহি উপস্থিত হয়। বি এছ এফক দেখি সৰবৰাহকাৰীৰ দলটো দুটা গৰুসহ ঢেকী থৈ পলায়ন কৰে। ফলত গৰু দুটা কাঁটা তাঁৰৰ বেৰৰ মাজত পৰি কিছু সময় ছটফটাই মৃত্যু মুখত পৰে।

কৰ্মৰত বি এছ এফে মৃত গৰু দুটা উদ্ধাৰ কৰে যদিও কাঁটা তাঁৰৰ বেৰ থকা সীমান্তই দেশৰ সীমান্তক কিমান সুৰক্ষা প্ৰদান কৰিছে তাক লৈ সচেতন মহল প্ৰশ্ন উদয় হৈছে। প্ৰাপ্ত তথ্য মতে, জিলাখনৰ বিশেষকৈ মানকাচৰ সমষ্টিৰ সৈতে সংলগ্ন হৈ থকা ভাৰত-বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ থকা সীমান্তৰ দৈৰ্ঘ প্ৰায় ৩০ কিলোমিটাৰ।

উল্লেখ্য যে, দক্ষিণ শালমাৰা থানা এলেকাৰ শিশুমাৰা বি এছ এফ কেম্পৰ পৰা মানকাচৰ থানা এলেকাৰ সদৰটিলা বি এছ এফ কেম্পলৈকে সীমান্তত কটকটীয়াকৈ কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণ কৰা আছে। এই ৩০ কিলোমিটাৰ ঠাইত মুঠ ১২ বি এছ এফ কেম্প আছে। দেশৰ নিৰাপত্তাৰ বাবে কাঁটা তাঁৰৰ বেৰ সীমান্তৰ প্ৰতি ১ কিলোমিটাৰ এলেকাত দুগৰাকীকৈ জোৱানে টহল দিয়ে। তেওঁলোকে ৰাইফলৰ লগতে দূৰবীণৰ সহযোগত সীমান্তত চাইকেলেৰে ইফাল-সিফাল ঘূৰি কৰি পহৰা দিয়ে। এই পহৰাৰ মাজতে কিদৰে নিশা হ'লেই সীমান্ত নিৰাপত্তাহীন হৈ পৰে তাক লৈ জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ইমান কটকীয়া নিৰাপত্তাৰ মাজতো সীমান্ততয়েদি সৰবৰাহকাৰীয়ে জাক জাক গৰু আনি বাঁহৰ ঢেকী বান্ধি কিদৰে গৰু বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ সাহস পায় তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। দিনৰ ভাগত বি এছ এফে সীমান্ত কটকটীয়াকৈ নিৰাপত্তা প্ৰদান কৰা দেখা যায় যদিও নিশাৰ ভাগত সীমান্তত পহৰাৰ ক্ষেত্ৰত অবহেলা কৰে নেকি তাক লৈ ভিন্ন মহলত আলোচনা হৈছে।

বি এছ এফে যদি কটকটীয়া নিৰাপত্তা প্ৰদানেই কৰে তেন্তে গৰু কেনেকৈ সীমান্তত আনিবলৈ সক্ষম হয় । আনহাতে যোৱা দুসপ্তাহ পূৰ্বে বাংলাদেশী যুৱক এজন মানকাচৰৰ কাঁটা তাঁৰৰ বেৰ থকা সীমান্তৰ এখন দলংৰ তলেৰে অসমলৈ প্ৰৱেশ কৰিছিল। আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ বাংলাদেশী যুৱকজনক আশ্ৰয় দিয়া লোকজনৰ ঘৰৰ পৰা আৰক্ষীয়ে তেঁওক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। কিন্তু সীমান্তত কটকটীয়া নিৰাপত্তা থকাৰ পাছতো কিদৰে তেওঁ ভাৰতত প্ৰবেশ কৰিলে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

লক্ষণীয়া বিষয় যে, বৰ্তমানে জিলাখনৰ নদী তথা চৰ সীমান্ততকৈ কাঁইটীয়া তাঁৰৰ বেৰ থকা সীমান্তৰ মাজেৰে অধিক গৰু সৰবৰাহ হ'বলৈ আৰম্ভ হৈছে। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ সংলগ্ন জিলাখনত অতি সহজে মেঘালয়ৰ পৰা গৰু মানকাচৰলৈ প্ৰবেশ কৰি নিশাৰ ভিতৰত সীমান্তলৈ নিয়া হয়।

প্ৰশ্ন হয়, গো মাতা সুৰক্ষাৰ বাবে জিলাখনৰ আৰক্ষীয়ে মেঘালয়ৰ পৰা মানকাচৰলৈ প্ৰৱেশ কৰাৰ সময়ত আৰক্ষীয়ে কিয় গৰুসমূহ বাধা প্ৰদান কৰিব নোৱাৰে। দীৰ্ঘ দিনীয়া অভিযোগ মতে, একাংশ আৰক্ষী বিষয়া গৰুৰ ছিণ্ডিকেটৰ লগত জৰিত হৈ থকাৰ বাবে এই গৰুৰ চোৰাং কাৰবাৰ বন্ধ হোৱাটো এক প্ৰকাৰে অসম্ভব হৈ পৰিছে। ফলত এইদৰে অমানবিক ভাবে প্ৰতিনিশা সীমান্তয়েদি জাক জাক গৰু বাংলাদেশলৈ সৰবৰাহ হোৱা পৰিলক্ষিত হৈছে।

আৰু পঢ়কঃ সোণাৰিত বিশ্ব এইডছ দিৱস পালন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in