/asomiyapratidin/media/media_files/2025/08/04/xdcxcxc-2025-08-04-21-16-48.jpg)
ডিজিটেল সংবাদ, হাটশিঙিমাৰীঃ হাটশিঙিমাৰীত বিগত চাৰি দিনে অব্যাহত আছে জিলা কংগ্ৰেছৰ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট। মানকাচৰৰ হাজিৰহাটৰ পৰা বাংলাদেশ সীমান্তৰ কালাইৰ আলগালৈ বৰলুইতৰ পাৰত চলি থকা খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত জিলা কংগ্ৰেছে সাৱ্যস্ত কৰিছে এই ধৰ্মঘট।
১ আগষ্ট পুৱা ১০ বজাৰ পৰা হাটশিঙিমাৰী বাছ আস্থানত অনিৰ্দিষ্টকালীন অনশনত বহিছে দক্ষিণ শালমাৰা মানকাচৰ জিলা কংগ্ৰেছ। জিলা কংগ্ৰেছৰ সভাপতি তথা মানকাচৰৰ প্ৰাক্তন বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডলৰ নেতৃত্বত আৰম্ভ হোৱা অনশন ধৰ্মঘটৰ সোমবাৰে চতুৰ্থ দিন অতিক্ৰম কৰে। পিছে ইমানৰ পাছতো চৰকাৰ তথা প্ৰশাসনে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।
মন কৰিবলগীয়া যে, ভাৰত বাংলাদেশ সীমান্তবৰ্তী কোকৰাডাঙ্গাত ব্ৰহ্মপুত্ৰৰ পাৰত চপৰা চপৰে খহিছে গড়া। কোকৰাডাঙ্গাৰ খহনীয়াই ভাৰত বাংলাদেশ সীমান্ত সংযোগী পথৰ প্ৰতি কঢ়িয়াই আনিছে চৰম ভাবুকি। কোকৰাডাঙ্গাত ইতিমধ্যে ১১ টা পৰিয়াল ঘৰবাৰী স্থানান্তৰ কৰিবলগীয়া হৈছে। খহনীয়াৰ ফলত ভূমিহীন পৰিয়াল কেইটা কোনোমতে সীমান্ত সংযোগী পথৰ কাষত আশ্ৰয় লৈছে।
আনহাতে, খহনীয়াত যদি সীমান্ত সংযোগী পথ ছিঙি যায় তেনে মুহুৰ্তৰ ভিতৰত বৰাইৰ আলগা বি এছ এফ কেম্প ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যাব। লগতে সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰৰ প্ৰতিও আহিব চৰম ভাবুকি। যাৰবাবে সময় থাকোতেই চৰকাৰ তথা প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী প্ৰতিবাদকাৰীৰ।