/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/1dc54a71-8576-413d-9061-494b08b1129b/4.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ চুবুৰীয়া ৰাজ্য মণিপুৰত নিষিদ্ধ সংগঠন কেচিপিৰ তিনিজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰা হৈছে। থৌবাল জিলাৰ ৱাইথৌ এলেকাত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে গ্ৰেপ্তাৰ কৰে কেচিপিৰ উগ্ৰপন্থী তিনিজনক।
ধৃত উগ্ৰপন্থী তিনিজন লৌৰিয়াম সুৰেশ সিং (২৮), লাইৰেণ লকপাম দিনেশচন্দ্ৰ সিং (৩০) আৰু কনছাম আনাও সিং (২৬) বুলি চিনাক্ত কৰা হৈছে। উগ্ৰপন্থী কেইজনৰ পৰা মেগজিন সহ তিনিটা পিষ্টল, ১৬ জাঁই সক্ৰিয় গুলী, চাৰিটা মোবাইল ফোন আৰু এখন চাৰিচকীয়া বাহন জব্দ কৰিছে নিৰাপত্তা বাহিনীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us