পাঠশালা-পাটাছাৰকুছিত ʼবিশ্ব পৰিৱেশ দিৱসʼ পালন...

পাঠশালা-পাটাছাৰকুছিত ʼবিশ্ব পৰিৱেশ দিৱসʼ পালন...

ডিজিটেল সংবাদ, পাটাছাৰকুছিঃ প্ৰতি বছৰৰ দৰে এইবেলিও ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰকৃতি সুৰক্ষাৰ প্ৰতি সজাগ আৰু সচেতন গঢ়ি তোলাৰ বাবে পাঠশালা শিক্ষাপীঠ আদৰ্শ বুনিয়াদী হাইস্কুলত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়৷ এই উপলক্ষে পুৱা গছপুলি ৰোপণেৰে অনুষ্ঠানটি শুভাৰম্ভ কৰে বিশিষ্ট লেখক, সমাজ সেৱক ৰত্নেশ্বৰ তালুকদাৰ আৰু বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক ৰোহিনী কুমাৰ মহন্তই।

দুয়ো গৰাকীকে বিদ্যালয়ৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়৷ বিদ্যালয়ৰ সহকাৰী প্ৰধান শিক্ষক জগদীশ চন্দ্ৰ ৰয়, বুনিয়াদী শাখাৰ প্ৰধান শিক্ষক প্ৰবীৰ কুমাৰ দেৱশৰ্মাৰ উপস্থিতিত বিশ্ব পৰিৱেশ দিৱস আৰু গছপুলি ৰোপণ সম্পৰ্কত ভাষণ প্ৰদান কৰে লেখক তথা মুখ্য গছপুলি ৰোপক ৰত্নেশ্বৰ তালুকদাৰ, ৰোপক ৰোহিনী কুমাৰ মহন্ত আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষক উৎপল বৰকাকতিয়ে৷

পৰিৱেশ সম্পৰ্কীয় এটি গীত পৰিৱেশন কৰে বিদ্যালয়ৰ সংগীত তথা অনাতাঁৰ শিল্পী অপূৰ্ব তালুকদাৰে৷ অনুষ্ঠানটি সঞ্চালনা কৰি ভাষণ ৰাখে শিক্ষক তথা পৰিচালনা সমিতিৰ সদস্য নন্দ দুলাল চৌধুৰীয়ে৷ বিদ্যালয় ছুটীৰ পিছত বিদ্যালয় চাফাই অভিযান এটিও অনুষ্ঠিত হয়।

পাটাছাৰকুছি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এন এছ এছ গোটৰ উদ্যোগত আজি বিভিন্ন কাৰ্যসূচীৰে বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হয়। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি বৃক্ষ ৰোপন, সজাগতা মূলক ৰেলী আৰু বক্তৃতা অনুষ্ঠান আয়োজন কৰা হয়।

বৃক্ষ ৰোপন কাৰ্যসূচীত অংশ গ্ৰহণ কৰে এন এছ এছ গোটৰ আঁচনি বিষয়া মজিৱ শইকীয়া, বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড. সঞ্জয় কুমাৰ গোস্বামী, মুনিন্দ্ৰ দেৱ শৰ্মা, কল্পনা গোস্বামী আৰু অন্যান্য শিক্ষক শিক্ষয়িত্ৰীসকলে। ইয়াৰ পিছতে এন এছ এছ গোটৰ উদ্যোগত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলে এটা সজাগতা মূলক ৰেলী আয়োজন কৰে।

শেষত বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত এই বছৰৰ বিশ্ব পৰিবেশ দিৱসৰ মূল বিষয়: 'ভূমি অৱক্ষয়, মৰুকৰণ আৰু খৰাং প্ৰতিৰোধ'ৰ ওপৰত এখন বক্তৃতা অনুষ্ঠান আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত মূল বিষয়ৰ ওপৰত বিস্তৃত বাখ্যা আগবঢ়াব ভূগোল বিষয়ৰ স্নাতকোত্তৰ শিক্ষক গৌতম কুমাৰ নাথে। লগতে উদ্ভিদ বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ শিক্ষক প্ৰসেনজিত ক'ৰে প্ৰজেক্টৰ সহায়ত পাৱাৰ পইন্টৰ দ্বাৰা মূল বিষয় ছাত্ৰ ছাত্ৰীসকলক ভালদৰে বুজাই দিয়ে৷

পাঠশালা-পাটাছাৰকুছিত ʼবিশ্ব পৰিৱেশ দিৱসʼ পালন...
ধিং মহাবিদ্যালয়ত "বিশ্ব পৰিৱেশ দিৱস"...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in