তথ্যচিত্ৰ নিৰ্মাতা বিতোপন কলঙলৈ এন জিৰ ইণ্টাৰ্ণশ্বিপৰ সুবিধা

নৱবৰ্ষৰ সময়ছোৱাত কাজিৰঙালৈ এটা ভাল খবৰ ৷প্ৰকৃতিপ্ৰেমী,তথ্যচিত্ৰ নিৰ্মাতা,ফটোগ্ৰাফাৰ বিতোপন কলংলৈ National Geographic ৰ ইন্টাৰ্ণশ্বিপৰ সুবিধা ৷
তথ্যচিত্ৰ নিৰ্মাতা বিতোপন কলঙলৈ এন জিৰ ইণ্টাৰ্ণশ্বিপৰ সুবিধা

ডিজিটেল সংবাদ,কাজিৰঙা: নৱবৰ্ষৰ সময়ছোৱাত কাজিৰঙালৈ এটা ভাল খবৰ ৷প্ৰকৃতিপ্ৰেমী,তথ্যচিত্ৰ নিৰ্মাতা,ফটোগ্ৰাফাৰ বিতোপন কলংলৈ National Geographic ৰ ইন্টাৰ্ণশ্বিপৰ সুবিধা ৷

ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা বিতোপন কলঙক জাৰ্মানীৰ এটা দলৰ উদ্যোগত ৰাজস্থানত হ'বলগীয়া এমহীয়া ইন্টাৰ্ণশ্বিপলৈ নিমন্ত্ৰণ কৰিছে ৷ ইতিমধ্যে বহুকেইখন তথ্যচিত্ৰ নিৰ্মাণ কৰি সমাদৰ লাভ কৰা বিতোপন কলঙলৈ আগবঢ়োৱা এই প্ৰস্তাৱত উৎফুল্লিত কাজিৰঙাবাসী ৷

দীৰ্ঘ সময় ধৰি বহু ঘাট প্ৰতিঘাতৰ মাজেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে নিস্বাৰ্থভাৱে জড়িত থকা বিতোপন কলঙে কয় যে বন্যপ্ৰাণীৰ ফটোগ্ৰাফী বা তথ্য চিত্ৰ নিৰ্মাণ কৰাৰ বাবে বহু সুবিধা আছে কাজিৰঙাত ৷

কিন্তু আৰ্থিক অসুবিধাৰ বাবে প্ৰতিভা থকা স্বত্বেও আগবাঢ়ি যাব নোৱাৰে বহু যুৱক যুৱতী ৷কলঙৰ এই যাত্ৰাৰ পূৰ্বে ধন্যবাদ জনাইছে কাজিৰঙা ৰাষ্টীয় উদ্যানৰ ডাইৰেক্টৰ , ডিএফঅ, ৰেঞ্জাৰ আদি সকলোকে ৷বহু দিনৰ কষ্টৰ বিনিময়ত লাভ কৰা এই সুখবৰে তেওঁক আগুৱাই নিয়াত অনুপ্ৰেৰণা যোগাব বুলি মত প্ৰকাশ বিতোপন কলঙৰ ৷

আৰু পঢ়কঃ মণিপুৰত অমিত শ্বাহ! উদ্বোধন কৰিব  ১৩১১ কোটি টকাৰ ২১টা ভিন্ন উন্নয়নমূলক প্ৰকল্পৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in