/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/0c5963eb-eb1e-4f9e-ad29-6c9d6634f643/51.jpg)
ডিজিটেল সংবাদ,শিলচৰঃ মনিপুৰত নিৰাপত্তা বাহিনীৰ অভিযানত আটক দুজন উগ্ৰপন্থী।তথ্য অনুসৰি, উখৰুল জিলাৰ ভিউলেণ্ড জ'ন এলেকাৰ পৰা উগ্ৰপন্থী দুজনক আটক কৰে। উগ্ৰপন্থী দুজন নিষিদ্ধ সংগঠন UNLF (K)ৰ সদস্য বুলি জানিব পৰা গৈছে।
উগ্ৰপন্থী দুজনৰ এজন ৩৬ বছৰীয়া হুইড্ৰম জিতন জিত সিং আৰু আনজন ৪৩ বছৰীয়া নিংথাম অইনাম বুলি চিনাক্ত কৰা হৈছে। উগ্ৰপন্থী দুজনৰ পৰা নগদ ১,১৭,৩৬০ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ইয়াৰোপৰি নিৰাপত্তা বাহিনীয়ে ৪০ ৰাউণ্ড সতেজ গুলী, ২টা ৱাকি টকি,২০ গ্ৰাম হেৰ'ইন, ১ ডাল সোণৰ চেইন, ১টা সোণৰ আঙুঠি আৰু অন্যান্য বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰে।
Also Read: কামপুৰত ধুমুহাৰ তাণ্ডৱ : গুৰুতৰভাৱে আহত এজন