সাফল্যৰ ধাৰা অব্যাহত মঙলদৈৰ ব্ৰিলিয়াণ্ট একাডেমীৰ

সাফল্যৰ ধাৰা অব্যাহত মঙলদৈৰ ব্ৰিলিয়াণ্ট একাডেমীৰ

author-image
Asomiya Pratidin
New Update
সাফল্যৰ ধাৰা অব্যাহত মঙলদৈৰ ব্ৰিলিয়াণ্ট একাডেমীৰ

ডিজিটেল সংবাদ, মঙলদৈঃ বৃহস্পতিবাৰে ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। কেইবাজন ছাত্ৰ-ছাত্ৰীৰ সৰ্বোচ্চ নম্বৰেৰে জিলিকিল মঙলদৈ ব্ৰিলিয়াণ্ট একাডেমী ৷ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত উজ্বলি উঠিলে দৰঙৰ কেইবাখনো বিদ্যালয়।

Advertisment

মঙলদৈৰ ব্লিলিয়েণ্ট একাডেমীৰ কলা শাখাত মাধুৰ্য্য প্ৰীতম শৰ্মা ৯৪.৮০ আৰু মাৰ্জণা কলিতা ৯৪.২০ অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ বাণিজ্য শাখাত ৯২.২০শতাংশৰে জিলিকিল ব্ৰিলিয়াণ্ট একাডেমীৰ হিমাংশ্ৰী বড়ো৷ একাডেমীখনৰ চাৰিজন ছাত্ৰ-ছাত্ৰী ভূগোল বিভাগত আৰু এগৰাকী ছাত্ৰী সংস্কৃত বিভাগত ৰাজ্যখনৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে ৷

উল্লেখযোগ্য যে ৰাজ্যখনৰ ভিতৰত দৰং জিলা কলা শাখাত তৃতীয় স্থান লাভ কৰে। কলা শাখাৰ জিলাখন উৰ্ত্তীণ হাৰ, ৯৬.৫৯ শতাংশ। একেদৰে বিজ্ঞান শাখাত জিলাখন ৯১.৮৮ শতাংশ উৰ্ত্তীণ হাৰেৰে সপ্তম স্থানত। বাণিজ্য শাখাত দশম স্থান লাভ কৰি উৰ্ত্তীণৰ হাৰ ৮৯.২৯ শতাংশ ৷

Also Read: আপুনি কওক চাৰ- ৯০% কৰিম নেকি উত্তীৰ্ণৰ হাৰ...

AHSEC HS RESULTS 2024