মঙলদৈ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ দ্বি-বাৰ্ষিক অধিবেশনৰ সামৰণি

মঙলদৈ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ দ্বি-বাৰ্ষিক অধিবেশনৰ সামৰণি

author-image
Asomiya Pratidin
New Update
মঙলদৈ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ দ্বি-বাৰ্ষিক অধিবেশনৰ সামৰণি

ডিজিটেল সংবাদ,মঙলদৈঃ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্যতম মহকুমা মঙলদৈ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ দ্বি-বাৰ্ষিক অধিবেশনখন দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে মঙলদৈত অনুষ্ঠিত হৈ যায়।

Advertisment

মঙলদৈ নগৰৰ মাজমজিয়াৰ দৰং জিলা সাহিত্য সভা প্ৰকল্পত অনুষ্ঠিত অধিবেশনৰ কাৰ্যসূচী অনুসৰি দেওবাৰে পুৱা ৮ বজাত পতাকা উত্তোলন কৰে মঙলদৈ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি পৱন কুমাৰ ঝাই। বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণ আৰু বৃক্ষৰোপণ কাৰ্যসূচীৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰা হয়।

পুৱা ১১ বজাত প্ৰতিনিধি সভা উদ্বোধন কৰে সন্মিলনীৰ প্ৰাক্তন সভাপতি জগবন্ধু চহৰীয়াই।মঙলদৈ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক বিজয় ডেকাই আঁতধৰা সভাখনত সভাপতিত্ব কৰে সন্মিলনীৰ সভাপতি পৱন কুমাৰ ঝাই। দলগাঁও, কলাইগাঁও, মঙলদৈ সদৰ আৰু ছিপাঝাৰ খণ্ডৰ প্ৰায় ৩০০ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতিত অনুষ্ঠিত সভাত ৰাজ্যিক কৃৰ্তী শিক্ষক হিচাপে বঁটা প্ৰাপক তিনিগৰাকী শিক্ষা গুৰুক সম্বৰ্দ্ধনা জনোৱা হয়।

সম্বৰ্দ্ধনা সভাত ৰাজ্যিক কৃৰ্তী শিক্ষক খবিৰুদ্দিন আহমেদ, শুক্লেশ্বৰ ডেকা আৰু কুসুম হাজৰীকাক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। ৰাজ্যিক পৰ্য্যবেক্ষক সৰ্বভাৰতীয় সদস্য মোহন হালৈ আৰু ওদালগুৰি মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰাক্তন সভাপতি আব্দুল আলী, সন্মিলনীৰ প্ৰাক্তন সভাপতি নোমল চন্দ্ৰ বৰুৱা উপস্থিত থাকি সাংগঠনিক বক্তব্য ৰাখে।

উক্ত সভাতেই এইবাৰ সন্মিলনীৰ কৰ্মশ্ৰী বঁটা প্ৰদান কৰে অৱসৰপ্ৰাপ্ত শিক্ষক লক্ষ্মীকান্ত ডেকাক। প্ৰতিনিধি সভাই পুৰণি সমিতি ভংগ কৰি আগন্তুক দুবছৰৰ বাবে পুনৰ সভাপতি হিচাপে পৱন কুমাৰ ঝা আৰু সম্পাদক হিচাপে বিজয় ডেকাক নিৰ্বাচিত কৰে। আনহাতে কোষাধ্যক্ষ হিচাপে পুৰন্দৰ বৰা ,কাৰ্যালয় সম্পাদক হিচাপে মুকুট মণি শইকীয়া আৰু জীৱন চন্দ্ৰ ডেকা সহ ২৯ জনীয়া নতুন কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয়।

Also Read: বিজেপি ত্যাগ কৰিব বিজেপি চাহ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক বাতাচ ওৰাঙে

mangaldai