বিজেপি ত্যাগ কৰিব বিজেপি চাহ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক বাতাচ ওৰাঙে

বিজেপি ত্যাগ কৰিব বিজেপি চাহ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক বাতাচ ওৰাঙে

author-image
Asomiya Pratidin
New Update
বিজেপি ত্যাগ কৰিব বিজেপি চাহ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক বাতাচ ওৰাঙে

ডিজিটেল সংবাদ,শোণিতপুৰঃ আৰম্ভ হৈছে বিজেপি ত্যাগৰ জোৱাৰ। বিজেপি এৰি অন্য দললৈ ঢাৱমান হৈছে ভাৰতীয় জনতা পাৰ্টীৰ একাংশ জ্যেষ্ঠ নেতা। শেহতীয়া তথ্য অনুসৰি শীঘ্ৰেই বিজেপি দল ত্যাগ কৰিব বিজেপি চাহ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা শোণিতপুৰ জিলাৰ বিজেপিৰ প্ৰাঃ সভাপতি বাতাচ ওৰাঙে৷

২০১১চনত ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰা জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে বিজেপি ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে৷ মন্ত্ৰী অশোক সিংহলৰ সৈতে বিগত দুবছৰ ধৰি চলি থকা শীতল যুঁজৰ বাবে দলত্যাগ কৰিব বুলি সন্দেহ কৰিছে একাংশই।

Also Read: ১০ কোটি অনুৰাগীৰে এক্সত সৰ্বাধিক অনুসৰণ কৰা বিশ্বৰ নেতা হিচাপে পৰিগণিত প্ৰধানমন্ত্ৰী মোডী

quit BJP sonitpur bjp leader