/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-21/37ob4cek/12.jpg)
ডিজিটেল সংবাদ,মঙলদৈঃ মঙলদৈত দৰং এণ্ডচকপি এণ্ড ENT ক্লিনিকত এক অঘটন সংঘটিত হয়। চিকিৎসক হেমন্ত ডেকাৰ বিৰুদ্ধে ৰোগীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।
ঘটনা অনুসৰি দাঁতৰ চিকিৎসাৰ বাবে উক্ত ক্লিনিকত উপস্থিত হৈছিল ৰুমী বেগম নামৰ এগৰাকী মহিলা। ৰোগী মহিলা গৰাকীয়ে ক্লিনিকৰ অভ্যৰ্থনাত থকা ল'ৰা জনক শীঘ্ৰে চিকিৎসা কৰাবৰ বাবে বাৰে বাৰে অনুৰোধ কৰি আছিল। অৱশেষত দুয়োপক্ষ তৰ্ক বিতৰ্কত লিপ্ত হৈছিল।
পিছলৈ চিকিৎসক হেমন্ত ডেকা নিজে ওলাই আহি মহিলা গৰাকীক শাৰিৰীক ভাৱে প্ৰহাৰ কৰা বুলি অভিযোগ উত্থাপন হৈছে। চিকিৎসকৰ প্ৰহাৰত মহিলা গৰাকী কিছু পৰিমাণে আহত হয়। লগে লগে পৰিয়ালৰ লোকে ভুক্তভোগীক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যায়।
আনহাতে চিকিৎসক হেমন্ত ডেকাৰ মতে ৰোগীৰ পৰিয়ালে চেম্বাৰত অপ্ৰীতিকৰ পৰিবেশ সৃষ্টি কৰাত বাধা দিবলৈ আহোতে ৰোগীৰ আত্মীয়ই চেম্বাৰৰ অভ্যৰ্থনাত থকা ল'ৰা জনক মাৰপিট কৰা বুলি ওলোটাই অভিযোগ কৰে। এতিয়া কোন সঁচা কোন মিছা আৰক্ষীৰ তদন্তৰ পিছতহে ওলাই পৰিব।
Also Read: অট’ৰ ভিতৰত ছাত্রীৰ শ্লীলতাহানিৰ চেষ্টা: আটক অট’ চালক