অট’ৰ ভিতৰত ছাত্রীৰ শ্লীলতাহানিৰ চেষ্টা: আটক অট’ চালক

অট’ৰ ভিতৰত ছাত্রীৰ শ্লীলতাহানিৰ চেষ্টা: আটক অট’ চালক

author-image
Asomiya Pratidin
New Update
অট’ৰ ভিতৰত ছাত্রীৰ শ্লীলতাহানিৰ চেষ্টা: আটক অট’ চালক

ডিজিটেল সংবাদ,শিলচৰঃ পশ্চিমবংগৰ চিকিৎসক নিৰ্যাতনৰ কাণ্ডৰ বিৰোধিতাৰে সৰ্বত্ৰে প্ৰতিবাদ চলি থকাৰ সময়তে ৰাজ্যৰ শিলচৰত ছাত্ৰীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ ঘটনা সংঘটিত হৈছে।

Advertisment

ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, শিলচৰত এগৰাকী ছাত্ৰীৰ শ্লীলতাহানিৰ চেষ্টা কৰে এজন অট’ চালকে। অসম বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্রী গৰাকীয়ে বিশ্ববিদ্যালয়ৰ পৰা ভাৰাঘৰলৈ অট’ত যাঁওতে এই ঘটনা সংঘটিত হয়।

লগে লগে বিশ্ববিদ্যালয়ৰ একাংশ ছাত্র-ছাত্রীয়ে আটক কৰে অট’ চালকজনক। ধৃত অট’ চালক বদৰুজামান ফাৰুক বুলি জানিব পৰা গৈছে। ইতিমধ্যে আটকাধীন বদৰুজামান ফাৰুকক আৰক্ষীক চমজাই দিছে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে।

Also Read: জিনিলে ২টা স্বৰ্ণ, দুটা ৰূপৰ পদকঃ ৰাষ্ট্ৰীয় পৰ্যায়ত গুৱাহাটীৰ ৯বছৰীয়া ৰিয়াংশৰ সাফল্য...

Silchar