সমাগত স্বাধীনতা দিৱসঃ মঙলদৈত বাইক ৰেলী আৰু হৰ ঘৰ ত্ৰিৰংগা যাত্ৰা ৰূপায়ণ...

ৰেলীৰ ফ্লেগ অফ কৰে জিলা আয়ুক্ত মুনিন্দ নাথ ঙাটে আৰু বিধায়ক বসন্ত দাসে

author-image
Asomiya Pratidin
New Update
সমাগত স্বাধীনতা দিৱসঃ মঙলদৈত বাইক ৰেলী আৰু হৰ ঘৰ ত্ৰিৰংগা যাত্ৰা ৰূপায়ণ...

ডিজিটেল সংবাদ,মঙলদৈঃ ৭৮ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাথো এটা দিন।দেশ তথা ৰাজ্য খনৰ আন আন প্ৰান্তৰ দৰে দৰং জিলাটো হৰ ঘৰ ত্ৰিৰংগাৰ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে। দৰং জিলা প্ৰশাসন, দৰং জিলা পৰিষদ, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত ব্যাপক পদক্ষেপ গ্ৰহণ কৰিছে।

Advertisment

হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ সফল ৰূপায়ণ আৰু ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে মঙলবাৰে মঙলদৈৰ মাজ মজিয়াৰে বাইক ৰেলীৰ লগতে হৰ ঘৰ ত্ৰিৰংগা যাত্ৰা উলিওৱা হয়। জিলাখনত প্ৰায় প্ৰতিটো পৰিয়ালৰ গৃহত স্বাধীনতা উৎসৱ উদযাপন কৰাৰ ব্যৱস্থা হাতত লৈছে প্ৰশাসনে ।

প্ৰায় শতাধিক মহিলা সখিয়ে স্কুটিৰে মঙলদৈ চহৰৰ লগতে গ্ৰাম্য অঞ্চলটো সজাগতাৰ বাবে ৰেলী উলিয়ায়। উক্ত ৰেলী ফ্লেগ অফ কৰে জিলা আয়ুক্ত মুনিন্দ নাথ ঙাটেৰ লগতে মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাসে।

Also Read: ধুবুৰীত চেনিটেৰী শৌচাগাৰৰ কামৰ নামত কোটি কোটি টকাৰ দুৰ্নীতি: তদন্তৰ দাবী

independent day mangaldai