/asomiyapratidin/media/media_files/2025/03/22/j2NRkhUAgsffFI3gIoVN.jpg)
ডিজিটেল সংবাদ,চিলাপথাৰ: চিলাপথাৰত অব্যাহত আছে অবৈধ মদৰ বিৰুদ্ধে আবকাৰীৰ অভিযান। আজি সন্ধিয়া ধেমাজিৰ আবকাৰী বিষয়া দিব্যজ্যোতি দিহিঙীয়াৰ নেতৃত্বত অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ঘগৰাত আকস্মিকভাৱে চলিল আবকাৰী বিভাগৰ অভিযান।
/asomiyapratidin/media/media_files/2025/03/22/yGuTl5ZOeAp0wVYGvl2S.jpg)
ৰাইজৰ অভিযোগৰ ভিত্তিত চলোৱা অভিযানত চানু নামৰ লোক জনৰ তিনি ঠাইত অনুসন্ধান চলায়। অঞ্চলটোত দীৰ্ঘদিনৰ পৰা অবৈধ বেপাৰ চলাই মুনাফা লুটি অহা চানুৰ ঘৰ আৰু গুদামৰ পৰা উদ্ধাৰ হ'ল ১৯৫ কাৰ্টুন বিদেশী সুৰা । লগতে ১৫০ কাৰ্টুন বিভিন্ন ব্ৰেণ্ডৰ সুৰা।
/asomiyapratidin/media/media_files/2025/03/22/dosO6FqrPKucMIpOcxsD.jpg)
একেদৰে আন কেইবাখনো ঘৰত দলটোৱে অভিযান চলাই যদিও খবৰ পাই ঘৰৰ গৰাকী পলায়ন কৰে। আবকাৰী বিভাগে অব্যাহত ৰাখিব তীব্ৰ অভিযান। অবৈধ ৰাগীয়াল বস্তুৰ বিৰুদ্ধে অভিযান সফল কৰি তুলিবলৈ ৰাইজক সহযোগৰ আহ্বান জনাই আবকাৰী বিভাগৰ বিষয়াই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us