বৰক’লাত বন্যহস্তীৰ তাণ্ডৱ

কৃষক পৰিয়ালৰ আৱাস গৃহ-ধানৰ মেজি ভাঙি বন্যহস্তীৰ তাণ্ডৱ

author-image
Asomiya Pratidin
New Update
বৰক’লাত বন্যহস্তীৰ তাণ্ডৱ

বৰক’লাত বন্যহস্তীৰ তাণ্ডৱ

ডিজিটেল সংবাদ,বেবেজীয়াঃ বৰক’লাত বন্যহস্তীৰ তাণ্ডৱ। নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত বৰক’লা গাঁৱৰ কৃষি প্ৰধান অঞ্চলসমূহত সম্প্ৰতি বনৰীয়া হাতীৰ তাণ্ডৱে শংকাত পেলাইছে গাঁৱবাসীক ৷

Advertisment

উল্লেখ্য যে, এমাহ দিন ধৰি বৃহত্তৰ বৰক’লাত অঞ্চলত বন্যহস্তীৰ এটা বৃহৎ দলে সোনোৱালী পকা ধাননিত সোমাই এফালৰ পৰা পকা ধান খাই তচ-নচ কৰাৰ ওপৰি বুধবাৰে নিশা বৰক’লা গাঁৱৰ প্ৰায় ৩০ টাৰো অধিক পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি সৰ্ব্বসাধাৰণ ৰাইজক আতংকিত কৰা ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে।

আনহাতে,বন্যহস্তীৰ দলটোৱে কোনো লোকক ক্ষতি কৰা নাই যদিও এই বৃহৎ বন্যহস্তীৰ দলটোৱে বৰক’লা গাৱঁৰ সদ্য প্ৰয়াত দৰবাৰ সিংৰ ভঁড়াল গৃহ আৰু পাছফালৰ গৃহ ভঙাৰ লগতে চম্পী ডেকাৰ আৱাস গৃহ,ভঁড়াল ঘৰ ভাঙি বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে যচবন্ত সিং,প্ৰয়াত উপাৰ্জন ডেকা,লক্ষী ডেকাৰ গৃহকে ধৰি ডেৰ কুৰিৰো অধিক গৃহত উপদ্ৰৱ চলাই বুলি জানিব পৰা গৈছে ৷

উল্লেখ যে,আজি এমাহ দিন ধৰি বৰক’লা অঞ্চলত বনৰীয়া হাতীয়ে সৃষ্টি কৰা তাণ্ডৱ ৰোধৰ ক্ষেত্ৰত নগাঁও বন বিভাগে কোনো ব্যৱস্থা নকৰি বনাঞ্চললৈ হাতীৰ দলটো খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই বুলি স্থানীয় বাসীন্দাই গুৰুত্বৰ অভিযোগ কৰিছে ৷ নগাঁও বন বিভাগৰ শীৰ্ষ বিষয়াই এইক্ষেত্ৰত কোনো ভুমিকা গ্ৰহণ নকৰাৰো গুৰুতৰ অভিযোগ উঠিছে ৷

আৰু পঢ়কঃ সন্মুখত ৰাণৰ পাহাৰ, মুম্বাইৰ সন্মুখত দিশহাৰা অসম

assam bebejiya man elephant conflict