সন্মুখত ৰাণৰ পাহাৰ, মুম্বাইৰ সন্মুখত দিশহাৰা অসম

সন্মুখত ৰাণৰ পাহাৰ, মুম্বাইৰ সন্মুখত দিশহাৰা অসম
সন্মুখত ৰাণৰ পাহাৰ, মুম্বাইৰ সন্মুখত দিশহাৰা অসম

ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন চহৰত চলি আছে ঘৰুৱা ক্ৰিকেট ৰঞ্জী ট্ৰফী প্ৰতিযোগিতা। গুৱাহাটীৰ আমিনগাঁও ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হৈছে অসম আৰু মুম্বাইৰ মাজত এখন গুৰুত্বপূৰ্ণ মেচ।

টছত জয়ী হৈ অসমে আলহী দল মুম্বাইক প্ৰথমে বেট ধৰাৰ বাবে আমন্ত্ৰণ জনায়। সেয়ে আজিনক্যা ৰাহানে নেতৃত্বাধীন দলটোৱে প্ৰথম ইনিংছত ৬৮৭ ৰাণ সংগ্ৰহ কৰি ৰাণৰ পাহাৰ গঢ়ি তোলে। এই ৰাণৰ মূলতে অপেনিং বেটাৰ পৃথ্বি শ্ব'ৰ ত্ৰি-শতক আৰু অধিনায়ক ৰাহানেৰ অনবদ্য ১৯১ ৰাণৰ বৰঙণি।

ইয়াৰ পৰাই প্ৰমাণিত হয় যে অসমৰ বলিং কি পৰ্যায়ৰ। অৱশ্যে মুম্বাইৰ তাৰকা পৃথ্বি শ্ব'ই ৩৭৯ ৰাণ কৰি একালৰ সতীৰ্থ ৰিয়ান পৰাগৰ বলত পেভিলিনমুখী হয়। প্ৰথম ইনিংছত ৰিয়ানে ২ টা উইকেট দখল কৰে। মেচৰ দ্বিতীয় দিনা অসমে প্ৰথম ইনিংছত ৰাহুল,ঋষভ,অভিষেক আৰু অধিনায়ক গকুল শৰ্মাৰ অৰ্ধশতকৰ সহায়ত ৩৭০ ৰাণ সংগ্ৰহ কৰে।

কিন্তু দ্বিতীয় ইনিংছত বাতৰি লিখা পৰলৈকে মুম্বাইৰ বিধ্বংসী বলিংৰ সন্মুখত তাচ- পাতৰ দৰে খহে অসমৰ বেটিং লাইন -আপ। মাত্ৰ ৩৫ ৰাণতে ৫টাকৈ উইকেটৰ পতন। অসমৰ ৫গৰাকীকৈ আগশাৰীৰ বেটাৰে দুটা সংখ্যাৰ ৰাণেই সংগ্ৰহ কৰিব নোৱাৰিলে। বৰ্তমান ক্ৰিজত বেটিং কৰি আছে অধিনায়ক গকুল শৰ্মা আৰু স্বৰূপম পুৰকায়স্থই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in