বন্য হস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত বন বিষয়া বাস্তৱ বৰকটকী...

বৰকটকী চাহ বাগিচাৰ কাটা তাঁৰত লাগি নলাত পৰি গুৰুতৰভাৱে আহত হয়

author-image
Asomiya Pratidin
New Update
বন্য হস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত বন বিষয়া বাস্তৱ বৰকটকী...

বন্য হস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত বন বিষয়া বাস্তৱ বৰকটকী

ডিজিটেল সংবাদ, নামৰূপঃ নামৰূপস্থিত দিল্লী খণ্ড বন কাৰ্যালয়ৰ  অন্তৰ্গত বিস্তৃত এলেকাত দিনক দিনে বৃদ্ধি পাইছে বন্য হস্তীৰ উপদ্ৰপ। বনৰীয়া হাতীৰ জাকটোৱে  বিগত তিনিমাহত ১২টাকৈ ঘৰ ভাঙি ধ্বংস কৰাৰ লগতে ১২ নৱেম্বৰত নামৰূপৰ অভয়পুৰ গাঁৱৰ দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা নন্দেশ্বৰ গগৈ (৫০) নামৰ এজন ব্যক্তিক বনৰীয়া হাতীয়ে গছকি হত্যা কৰে।

Advertisment

মঙলবাৰে পুৱা প্ৰায় ৮.৩০ বজাত নামৰূপৰ কমাৰ গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণৰ বলি হয় নামৰূপ খণ্ড বন কাৰ্য্যালয়ৰ বিষয়া বাস্তৱ বৰকটকী। ঘটনা বিবৰণী মতে সোম বাৰে নিশা ৩টা বনৰীয়া হাতীয়ে গাঁৱত প্ৰৱেশ কৰি গছ গছনি ভাঙি উপদ্ৰপ কৰে।

নিশাই বন বিভাগৰ দল উপস্থিত হৈ হাতীৰ জাকটোক আঁতৰাই পঠিয়াই যদিও আজি পুৱাই পুনৰ গাঁৱত প্ৰৱেশ কৰে।  গাঁৱবাসীয়ে বন বিভাগক খবৰ দিয়াত তৎক্ষণাত  দিল্লী খণ্ড বন কাৰ্যালয়ৰ বিষয়া  বাস্তৱ বৰকটকীৰ নেতৃত্বত  বন কৰ্মী সকলে ঘটনাস্থলীত উপস্থিত হয়। 

ইফালে গাঁৱবাসীয়েও বৰ তাল -টিং বজাই হাতীৰ জাকটোক খেদিবলৈ চেষ্টা কৰে। হাতীৰ জাকটোৱে দিগ-বিদিগ হেৰুৱাই যেনি তেনি পলাবলৈ চেষ্টা কৰে।  বন কৰ্মী আৰু গাঁৱবাসীও  যেনি তেনি পলাবলৈ ধৰোঁতেই এনেতে এটা বনৰীয়া হাতীয়ে বন বিষয়া গৰাকীক প্রচন্দ খুন্দা মৰাত বন বিষয়া বাস্তৱ বৰকটকী চাহ বাগিচাৰ কাটা তাঁৰত লাগি নলাত পৰি গুৰুতৰভাৱে আহত হয়। 

বিষয়া গৰাকীৰ  ভৰিৰ মাংস  ফাটি যোৱাৰ ওপৰি ,মূৰ আৰু কঁকালত  আঘাত পোৱা বুলি জানিবলৈ দিছে। লগে লগে বিষয়া গৰাকীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত  অপেক্ষা নাৰ্চিং হ'মলৈ প্ৰেৰণ কৰি চিকিৎসা  আৰম্ভ কৰে বুলি জয়পুৰ আঞ্চলিক বন বিষয়া পুষ্পধৰ বুঢ়াগোহাঁয়ে জানিবলৈ দিছে।

আৰু পঢ়কঃ বৰবিল পথাৰ গাঁৱত ন-খোৱা উৎসৱ পালন...

assam forest assam man elephant conflict namrup