লংকাত আটক সোণৰ বিস্কুট সৰবৰাহকাৰী

লংকাত আটক সোণৰ বিস্কুট সৰবৰাহকাৰী

author-image
Asomiya Pratidin
New Update
লংকাত আটক সোণৰ বিস্কুট সৰবৰাহকাৰী

ডিজিটেল ডেস্কঃ মঙলবাৰে লংকাত সোণৰ বিস্কুট সৰবৰাহৰে জড়িত এজন লোকক আৰক্ষীয়ে আটক কৰে। লামডিঙৰ পৰা আটক হোৱা লোকজন আশুতোষ শিৱাজী বুলি চিনাক্ত কৰা হৈছে। লংকা আৰক্ষীৰ অভিযানত জব্দ হয় ২৬,০০০ টকা।

Advertisment

আৰক্ষীয়ে আটকাধীন আশুতোষ শিৱাজীৰ পৰা সোণ গলোৱা কিছু সামগ্রীও জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ১৫ জুনত ৯ লাখ টকাসহ জব্দ কৰিছিল দুটা সোণৰ বিস্কুট। লংকাৰ ময়ুৰ হোটেলৰ পৰা আৰক্ষীয়ে ৩ সৰবৰাহকাৰীক আটক কৰিছিল। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

Also Read: কৰিমগঞ্জত ভূমিস্খলনঃ নিহত একেটা পৰিয়ালৰ ৫জন

lanka drugs gold biscuit