চাকৰি দিয়াৰ চলেৰে মাতি নি ৯ যুৱকে ধৰ্ষণ কৰিলে মহিলাক...

চাকৰি দিয়াৰ চলেৰে মাতি নি ৯ যুৱকে ধৰ্ষণ কৰিলে মহিলাক...

ডিজিটেল ডেস্কঃ হাজোৰ তাপাবড়ী চৰ অঞ্চলত দলবদ্ধ ধৰ্ষণৰ ঘটনা। ৯ যুৱকৰ কামনাৰ বলি এগৰাকী মহিলা। বৃহস্পতিবাৰে পোহৰলৈ আহিছে এই ঘটনা। অভিযোগ অনুসৰি কোম্পানীত চাকৰি দিয়াৰ চলেৰে মাতি নি ধৰ্ষণ কৰিছিল মহিলা গৰাকীক। ঘটনাৰ মূল অভিযুক্ত কেব চালক আলতাফ নামৰ যুৱকজন।

আলতাফে ৮ সহযোগীৰ সৈতে সংঘটিত কৰিছিল এই কাণ্ড। ঘটনা সন্দৰ্ভত হাজো আৰক্ষীয়ে ইতিমধ্যে গ্রেপ্তাৰ কৰে ৫জনক। গ্ৰেপ্তাৰ হোৱা ধৃত পাঁচ অভিযুক্ত ক্রমে আব্দুল হামিদ, ইমৰান হুছেইন,আব্দুল জলিল, আফাজুদ্দিন, ছাইদুল ৰহমানক গ্রেপ্তাৰ।মূল অভিযুক্ত আলতাফ এই পৰ্যন্ত পলাতক অৱস্থাত আছে।

ভুক্তভোগী মহিলাগৰাকীৰ ঘৰ ধেমাজিত বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে মূল অভিযুক্তক বিচাৰি ইতিমধ্যে আৰম্ভ কৰিছে অভিযান। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ।

চাকৰি দিয়াৰ চলেৰে মাতি নি ৯ যুৱকে ধৰ্ষণ কৰিলে মহিলাক...
কয়লা খনন কৰিব গৈ নিৰুদ্দেশ হোৱা প্ৰাঞ্জল মৰানৰ মৃতদেহ উদ্ধাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in